কলিয়াবৰ, 2 আগষ্ট : বোৱঁতী কলঙৰ চিন্তা সদ্যহাতে কৰা নাই, পুনৰ যাতে বান নহয় তাৰ ব্যৱস্থাহে জলসম্পদ বিভাগে কৰি আছে ৷ শুকুৰবাৰে কলিয়াবৰৰ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি এই মন্তব্য জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ শুকুৰবাৰে দুপৰীয়া কলিয়াবৰৰ হাতীমূৰাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই শ্লুইচ গেট সংলগ্ন মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰে ৷ লগতে কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ (ক'ফাৰ ডেম)ৰ মেৰামতিৰ কামৰ বুজ লয় মন্ত্ৰী হাজৰীকাই ৷
তেওঁ কয় যে, শ্লুইচ গেটৰ কাষৰ ভাঙি যোৱা অংশ মেৰামতিৰ বাবে খৰালিলৈ অপেক্ষা কৰিব লাগিব ৷ বৰ্তমান বাৰিষা শেষ হ'বলৈ তিনিমাহ সময় থকালৈ চাই ক'ফাৰ ডেমটো মেৰামতি কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে ৷ খৰালিতহে মূল বান্ধৰ মেৰামতিৰ কাম আৰম্ভ কৰা হ'ব ৷ বোৱঁতী কলঙৰ চিন্তা সদ্যহতে কৰা নাই, পুনৰ যাতে বান নহয় তাৰ ব্যৱস্থাহে জলসম্পদ বিভাগে কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে কয় ৷
মন্ত্ৰী হাজৰীকাই কয় যে, বোৱঁতী কলঙৰ চিন্তা পিছে-পৰেও কৰিব পৰা যাব ৷ কিন্তু এতিয়াৰ চিন্তাটো হ'ল কলিয়াবৰীয়া তথা কলংপৰীয়া ৰাইজক দ্বিতীয় এটা বানে যাতে আৰু কষ্ট নিদিয়ে ৷ কলং খনন সম্পূৰ্ণ নকৰাকৈয়ে কলঙক বোৱাবলৈ ক'ফাৰ ডেম কাটি দিয়াৰ বিষয়ত জলসম্পদ মন্ত্ৰী হাজৰীকাই কয়- 'ৰাইজৰ দাবীত ক'ফাৰ ডেম খান্দি দিয়া হৈছিল, মোৰ নিজ ইচ্ছাত কৰা হোৱা নাছিল ৷ ইয়াত দুটা পক্ষ আছে, কিছু লোকে শ্লুইচ গেট তৎকালে খুলি দিয়াটো বিচাৰে, আনটোৱে নিবিচাৰে ৷ আমি এটা পক্ষৰ কথা শুনি কৰিছিলো, কথাটো ভুল প্ৰমাণিত হ'ল ৷ ভৱিষ্যতে ইমান সোনকালে কলঙৰ মুখ খুলিব দিয়াৰ কাম নকৰো ৷'