অসম

assam

ETV Bharat / state

বিকাশ যাত্ৰাৰ অংশীদাৰ হ’ব কলিয়াবৰ: সোমবাৰে মুখ্যমন্ত্ৰীয়ে আনিব উন্নয়নৰ বতৰা - Himanta Biswa Sarma in Kaliabor

Vikas Yatra in Kaliabor: উন্নয়নৰ বতৰা লৈ সোমবাৰে কলিয়াবলৈ আহিব মুখ্যমন্ত্ৰী ৷ প্ৰায় আঢ়ৈশ কোটি টকাৰ আঁচনিৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিব ৷ নৱনিৰ্মিত ডাঃ টি. আও ষ্টেডিয়াম পৰিসৰত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব ৰাজহুৱা সভা ৷ সামগ্ৰিক প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই ৷

Himanta Biswa Sarma in Kaliabor
বিকাশ যাত্ৰাৰ অংশীদাৰ হ’ব কলিয়াবৰ

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 8:56 PM IST

বিকাশ যাত্ৰাৰ অংশীদাৰ হ’ব কলিয়াবৰ

কলিয়াবৰ, 10 মাৰ্চ: ৰাজ্যজুৰি অব্যাহত আছে অসম চৰকাৰৰ বিকাশ যাত্ৰা । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে সোমবাৰে কলিয়াবৰতো অনুষ্ঠিত হ'ব বিকাশ যাত্ৰাৰ অনুষ্ঠান । এই সম্পৰ্কত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আজি ডাঃ টি. আও ষ্টেডিয়ামত উপস্থিত হৈ সভাগৃহৰ লগতে আন-আন কাৰ্যৰ তদাৰক কৰি বিষয়াবৰ্গৰে আলোচনাত মিলিত হয় ।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কাইলৈ মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিবলগীয়া ডাঃ টি. আও ষ্টেডিয়ামৰ লগতে বাকীকেইটা আঁচনিৰ বিষয়ে অৱগত কৰোৱায় । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, কলিয়াবৰৰ উন্নয়নমূলক কাৰ্যৰ সামগ্ৰীক ব্যয় হ'ব প্ৰায় ২৫৯ কোটি টকা । উক্ত আঁচনিসমূহৰ ৰূপায়নে কলিয়াবৰক সমৃদ্ধ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।

বিশেষকৈ কলিয়াবৰৰ স্বাস্থ্যখণ্ডৰ উন্নয়নত এই বিকাশ যাত্ৰাই বিশেষ ভূমিকা ল'ব । ১৫০ খন বিচনাযুক্ত জখলাবন্ধাৰ জিলা চিকিৎসালয়, নলতলিৰ আয়ুষ চিকিৎসালয়ৰ আধাৰশিলাৰ লগতে চাহ বাগিচাৰ বাবে বিতৰণ কৰিবলগীয়া এম্বুলেন্স সেৱাই অঞ্চলটোৰ ৰোগীসকলৰ বিশেষ সহায়ক হৈ উঠিব । তদুপৰি, কুঁৱৰীটোলৰ আইন মহাবিদ্যালয় আৰু নলতলি আৰিমৰাৰ আদৰ্শ মহাবিদ্যালয় অঞ্চলটোৰ শিক্ষাখণ্ডক শক্তিশালী কৰিব ।

পথৰ উন্নয়নৰ লগতে কলিয়াবৰৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ বাবে এখন পৰ্যটক নিৱাস এই উন্নয়নৰ অংগ হৈ কলিয়াবৰক সমৃদ্ধ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

সোমবাৰে কেবাটাও আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী লৈ কলিয়াবৰত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । কলিয়াবৰৰ নলতলি আৰিমৰাৰ ৰাজীৱ গান্ধী খেলপথাৰত হেলিকপ্তাৰেৰে অৱতৰণ কৰাৰ পাছতে আৰিমৰাত ৩৫ কোটি টকাৰ ব্যয় সাপেক্ষ প্ৰস্তাৱিত আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব কুঁৱৰীটোলত । য'ত অসম মালা আঁচনিৰ অধীনত ৪৫.০৭ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া কুঁৱৰীটোলৰ পৰা শিলঘাট হৈ জখলাবন্ধালৈ ১৪.৯৩ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰিব ।

পৰৱৰ্তী সময়ত জখলাবন্ধাত ১৫০ খন বিচনাযুক্ত কলিয়াবৰ জিলা চিকিৎসালয়ৰ ভূমিপূজন আৰু আধাৰশিলা কাৰ্য সমাপন কৰিব । ৯৯.৯৭ কোটি টকা ব্যয় হ'বলগীয়া চিকিৎসালয়খনৰ আধাৰশিলাৰ পাছতেই নাগশংকৰত উপস্থিত হৈ স্থানীয় বিধায়কৰ ‘ছিগনেছাৰ আঁচনি'ৰ ১০ কোটি টকাৰ ব্যয়ৰে নিৰ্মিত ডাঃ টি. আও ষ্টেডিয়ামৰ নৱনিৰ্মিত ১৫শ দৰ্শক বহিব পৰা গেলাৰীসহ পেভিলিয়ন উদ্বোধন কৰিব ।

ষ্টেডিয়ামৰ চৌহদত নিৰ্মিত অস্থায়ী সভাগৃহৰ পৰাই ভাৰ্চুৱেলী কুঁৱৰীটোলত নিৰ্মাণ হ'বলগীয়া কলিয়াবৰ আইন মহাবিদ্যালয় (২৬.৮৩ কোটি টকা), উলুৱনীৰ আয়ুস চিকিৎসালয় (১৫ কোটি টকা), শিলঘাটৰ পৰ্যটন প্ৰকল্প (৯ কোটি)ৰ লগতে ১৩ কোটি টকাৰ ব্যয় সাপেক্ষ অসম লোকনিৰ্মাণ বিভাগৰ দুটা পথৰ নিৰ্মাণকাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব ।

তদুপৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নগাঁও জিলাৰ ২৩ খন চাহ বাগিচালৈ একোখনকৈ এম্বুলেন্স প্ৰদান কৰা হ’ব । উক্ত সভাৰ মঞ্চৰ পৰাই নগাঁও জিলাৰ আন কেবাটাও বিধান সভা সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ উদ্ধোধন বা আধাৰশিলা স্থাপন কৰি সমৱেত ৰাইজক সম্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

উল্লেখযোগ্য যে, এই বিকাশ যাত্ৰাৰ জৰিয়তে নগাঁও জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিত ব্যয় হ'ব প্ৰায় ৬শ কোটি টকা ।

লগতে পঢ়ক:অনুৰোধ ৰক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে: সোমবাৰে ৰাইজৰ বাবে নতুন ৰূপত মুকলি পাব টি. আও ষ্টেডিয়াম

ABOUT THE AUTHOR

...view details