চৰাইদেউ,১৪ মাৰ্চ:লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দল বিজেপিয়ে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে যদিও ৰাজ্যৰ মূল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে এটাৰ পিচত এটাকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । বুধবাৰৰ দিনটোত কংগ্ৰেছৰ পৰা পদত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াই । বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত মাহমৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল সূৰুয দিহিঙীয়াই ।
দুয়োটা বিধানসভা নিৰ্বাচনত কম ভোটৰ ব্যৱধানতহে মন্ত্ৰী যোগেন মহনৰ হাতত পৰাজিত হৈছিল নেতাগৰাকী । দীৰ্ঘদিনৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কংগ্ৰেছী নেতা সূৰুয দিহিঙীয়াই বিজেপিত যোগদান কৰাক লৈ চৰাইদেউৰ মাহমৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে । মাহমৰাৰ খুমটাইত ৪৪ টাকৈ প্ৰধানমন্ত্ৰী আবাসিক এলেকাৰ হিতাধিকাৰীৰ গৃহ দুৱাৰ আজি মুকলি কৰে মন্ত্ৰী যোগেন মহনে । লগতে মাহমৰা সমষ্টিত এম জি এনৰেগা আঁচনিৰ ৯৭ লাখ টকা ব্যয়েৰে ১৯ টা আঁচনি শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।