অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

কাজিৰঙাৰ পৰ্যটনক লৈ সংবাদ মাধ্যমকহে গালি-গালাজ পৰ্যটন মন্ত্ৰীৰ - Minister Jayanta Mallabaruah

Jayanta Mallabaruah criticised journalists : কাজিৰঙাৰ পৰ্যটনক্ষেত্ৰৰ নেতিবাচক দিশক লৈ বাতৰি পৰিৱেশন কৰি মন্ত্ৰীৰ ৰোষত পৰিছে সংবাদ মাধ্যম ৷ এক অনুষ্ঠানত ৰাজহুৱাভাৱে সাংবাদিকক কটু সমালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ মন্ত্ৰীৰ মন্তব্যক লৈ ভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Jayanta Mallabaruah criticised journalists
কাজিৰঙাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

কাজিৰঙা, ২৫ ছেপ্টেম্বৰ :কাজিৰঙাৰ এক অনুষ্ঠানত সংবাদ মাধ্যমৰ বিৰুদ্ধে কটু মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ কাজিৰঙাৰ পৰ্যটনৰ নেতিবাচক দিশৰ বাতৰি পৰিৱেশন কৰাক লৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকক গালি পৰাৰ পিছতে সংবাদ তথা সচেতন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আনহাতে, কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষ একো ব্যৱস্থা গ্ৰহণ নকৰি হাত সাৱটি বহি থকা বুলি অভিযোগ উত্থাপিত হৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে ৷ সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবেই মন্ত্ৰী মল্লবৰুৱাই সংবাদ মাধ্যমক গালি পৰা বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে ৷

সংবাদ মাধ্যমক সমালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

উল্লেখ্য যে ২৩ চেপ্টেম্বৰৰ নিশা ১২ বজাত বোকাখাতৰ জনসংযোগ বিষয়াই বিভাগীয় হোৱাটচএপ গ্ৰুপত পত্ৰযোগে ২৪ ছেপ্টেম্বৰৰ দিনৰ ১১বজাত কাজিৰঙাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হ’ব বুলি উল্লেখ কৰি উক্ত অনুষ্ঠানলৈ সকলো সাংবাদিকক আমন্ত্ৰণ জনায় ৷ সেইমতে, আগন্তুক পৰ্যটন বৰ্ষ সন্দৰ্ভত অনুষ্ঠিত অনুষ্ঠানটোত সাংবাদিকসকল উপস্থিত থাকে ৷ আনহাতে, অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভুমিকাক লৈ বিৰূপ মন্তব্য কৰে ৷ উল্লেখ্য যে ১৯৩৮ চনতে আৰম্ভ হোৱা কাজিৰঙা পৰ্যটনৰ উত্তৰণ তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে বিজেপি চৰকাৰে কাম-কাজ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে নিজৰ বাতৰিৰ স্বাৰ্থত সংবাদ মাধ্যমে কাম কৰি কাজিৰঙাৰ পৰ্যটন বদনাম কৰে ৷ ইপিনে, মন্ত্ৰীৰ ভাষণৰ পিছতেই একাংশ পৰ্যটনকৰ্মীয়ে কয় যে জয়ন্ত মল্লবৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা পৰ্যটন আৰু পৰ্যটন উত্তৰণৰ ক্ষেত্ৰত স্থানীয় সংবাদ মাধ্যমে লোৱা ভূমিকা সন্দৰ্ভত কোনো জ্ঞান নথকাৰ বাবেই এনে মন্তব্য প্ৰদান কৰিছে ৷

লগতে পঢ়ক :বনবিভাগৰ কেন্দ্ৰীয় অনুষ্ঠানতেই উপস্থিত নাথাকিল বনমন্ত্ৰী

কাজিৰঙাক খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰিছে কোনে ?

খিলঞ্জীয়া লোক ভূমিহীন-গৃহহীনত পৰিণত হৈছে : কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি

ABOUT THE AUTHOR

...view details