গোলাঘাট, 8 জুলাই : অবৰ্ণনীয় ! কোনোবাই যদি গৰু-ম’হৰ সৈতে একেলগে সহাৱস্থান কৰিছে, আন কোনোৱে আকৌ ওখ টিলাত ৰৈ মাত্ৰ ক্ষণ গণিছে ৷ নিৰূপায় সকলো ৷ বছৰৰ দ্বিতীয়টো বানে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে সাধাৰণ জনতাক ৷ কাক ক’ব দুখৰ বেদনা, কোনে বুজিব বন্যাৰ্তৰ মনৰ কথা ৷ কিয়নো সকলোৰে একেই অৱস্থা ৷
বান বিধস্ত বংকোৱাল (ETV Bharat Assam) ইতিমধ্যে সকলোৰে জ্ঞাত যে, বিগত এক জুলাইত ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে বোকাখাতৰ বংকোৱালৰ মথাউৰি ভাঙি পেলায় ৷ ফলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল বোকাখাতত ৷ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল হৈছিল বংকোৱালৰ জনসাধাৰণে ৷
বান্ধ ভাগি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তৰ কুৰিৰো অধিক গাঁৱৰ লোকৰ বিস্তৰ ক্ষতি কৰে ৷ অঞ্চলটোৰ আৱাসগৃহ আৰু ভঁৰাল গৃহৰ লগতে পশুধন, ৰাস্তা-ঘাট আৰু অন্যান্য বহু সা-সম্পত্তি বলীয়া বানে উটুৱাই লৈ যায় ৷
লগতে পঢ়ক :বিৰোধীয়ে দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে: পবিত্ৰ মাৰ্ঘেৰিটা - Assam Flood 2024
দেওবাৰে বানাক্ৰান্তৰ কাষত পুনৰবাৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ প্ৰতোটো পৰিয়ালৰ সুখ-দুখৰ সমভাগি হয় ৷ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক অতি সোনকালে জৰিপৰ জৰিয়তে সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ।
দেওবাৰে প্ৰথমতে মন্ত্ৰী বৰাই বানত মৃত্যু হোৱা দিচৈ পঞ্চায়তৰ 1 নং গৰৈমাৰী গাঁৱৰ দুটা পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা 4 লাখ টকাৰ চেক প্ৰদান কৰে ৷ তাৰ পাচতে বংকোৱাল ঐজান পাৰৰ কৃষি বান্ধ সংযোগী মিৰিকা মিৰি পথৰ বানত ধ্বংস হোৱা পথটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ৷
লগতে তেওঁ বংকোৱাল নিকৰি সংযোগী লোকনিৰ্মাণ পথ, বালিচাপৰি আদি কেবাটাও অঞ্চল পৰিদৰ্শন কৰে ৷ ইয়াৰ উপৰিও দুৰ্গম লহৰে চাপৰি, শিয়াল চাপৰিলৈ মেচিন নাৱৰ জৰিয়তে টিউবৱেলকে ধৰি যাৱতীয় সামগ্ৰী প্ৰদান কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷
লগতে পঢ়ক :লাহৰীঘাটৰ চৰত আৱদ্ধ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ ল’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে - Assam flood 2024