তিনিচুকীয়া:আলহী পক্ষীৰে ভৰি থকা মটাপুং মাগুৰী বিলে হাত বাউলি মাতিছে দেশী-বিদেশী পৰ্যটকক । বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত মটাপুং মাগুৰী বিললৈ শীতৰ আগমনৰ লগে লগে আগমন ঘটিছে বিভিন্ন প্ৰান্তৰ পৰা আলহী পক্ষীৰ । দেশী-বিদেশী পক্ষীৰ কোলাহলত প্ৰাণচঞ্চল হৈ পৰিছে পক্ষীবিল মটাপুং মাগুৰী বিল ।
জৈৱ-বৈচিত্ৰৰে ভৰপূৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা প্ৰায় ১০ কিল'মিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ সম্প্ৰতি আগমন ঘটিছে দেশী-বিদেশী অসংখ্য চৰাই-চিৰিকতিৰ । বিভিন্ন প্ৰজাতিৰ স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰা বিলখনলৈ বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটে আৰু মাৰ্চ-এপ্ৰিল মাহলৈ বিলখনত বিচৰণ কৰে । স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ হয় ।
মটাপুং-মাগুৰী বিলত প্ৰায় ৩০০ টাতকৈ অধিক প্ৰজাতিৰ চৰাই আৰু হাঁহ বিচৰণ কৰাৰ তথ্য পঞ্জীয়ন হৈছে । আনকি বিলখনত বিভিন্ন প্ৰজাতিৰ মাছ আৰু প্ৰায় ৬ টা প্ৰজাতিৰ কাছও পোৱা যায় । বিগত বৰ্ষত পৃথিৱী বিখ্যাত পৰিভ্ৰমী চৰাই 'মেনডাৰিণ ডাক' বিলখনত দেখা পোৱা গৈছিল । এই পৰিভ্ৰমী চৰাইসমূহ চাবলৈ প্ৰতি বছৰে দেশী-বিদেশী পৰ্যটক আহি উপস্থিত হয় মতাপুং-মাগুৰী বিলত ।
বিলখনক শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে । প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত তথা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তিনিচুকীয়া জিলা সদৰৰ নিচেই কাষত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূব দিশত থকা মাগুৰী বিলখনত উপলব্ধ প্ৰচুৰ পৰিমাণৰ মাছ-পুঠিক লৈ ইয়াৰ নিকটৱৰ্তী গঞাই জীৱন-নিৰ্বাহ কৰি আহিছে ।
অলেখ প্ৰজাতিৰ চৰাই-চিৰিকতিৰ বিচৰণৰ মাজতে স্থানীয় গঞাৰ মৎস চিকাৰৰ বিৰল দৃশ্যই বিলখনৰ মাধুৰ্য বৃদ্ধিত অৰিহণা যোগাইছে । দীৰ্ঘদিনৰ পৰা গাঁৱৰ কিছুসংখ্যক সচেতন লোক আগবাঢ়ি আহি প্ৰকৃতিপ্ৰমীয়ে নিঃস্বাৰ্থভাৱে বিলখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই আহিছে । বিগত তিনি-চাৰিবছৰ আগলৈকে পাঁচ-ছয়হেজাৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী হাঁহ দেখিবলৈ পোৱা বিলখনত সম্প্ৰতি কিছু পক্ষীৰ সংখ্যা কমি আহিছে ।