অসম

assam

ETV Bharat / state

বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলিমৰ তালিকাত বদৰুদ্দিন আজমলৰ নাম; কিমান সংখ্যক স্থানত আছে আজমল ?

Worlds 500 Most Influential Muslims : আজিম প্ৰেমজীৰ দৰে বিখ্যাত ভাৰতীয় উদ্যোগপতিয়ে স্থানলাভ কৰা এক তালিকাত বদৰুদ্দিন আজমলে উল্লেখনীয় স্থান লাভ কৰিছে ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Worlds 500 Most Influential Muslims
বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলিমৰ তালিকাত মৌলানা বদৰুদ্দিন আজমল (ETV Bharat Assam)

হোজাই, ১৬ অক্টোবৰ:অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ নাম পুনৰ বিশ্বৰ প্ৰভাৱশালী মুছলিমৰ তালিকাত উজলি উঠিল । তালিকাখনত দেশৰ ২৫ গৰাকী ব্যক্তিয়ে স্থান দখল কৰে ।

জৰ্ডানৰ The Royal Islamic Strategic Studies Centre-ৰ 'The World's 500 most influential Muslims'-ৰ তালিকাত আজমলে ১৮৬ সংখ্যক স্থান লাভ কৰিছে ।

বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলিমৰ তালিকাত মৌলানা বদৰুদ্দিন আজমল (ETV Bharat Assam)

এই তালিকাত ভাৰতৰ আজিম প্ৰেমজীৰ দৰে বিখ্যাত উদ্যোগপতিৰ সৈতে স্থান লাভ কৰিছে মৌলানা বদৰুদ্দিন আজমলে ৷ আনহাতে, উত্তৰ-পূবৰ পৰা স্থান লাভ কৰা একমাত্ৰ বিশ্বৰ প্ৰভাৱশালী মুছলিম হৈছে মৌলানা বদৰুদ্দিন আজমল । স্বাভাৱিকতে বদৰুদ্দিন আজমলে এই তালিকাত স্থান লাভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে সকলোৱে ৷

উল্লেখ্য যে বদৰুদ্দিন আজমলে স্থাপন কৰা দাতব্য চিকিৎসালয়, সামাজিক সংস্থা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহ ইতিমধ্যে বিশ্বৰ দৰবাৰত উজলি উঠিছে । হোজাইৰ দৰে এখন সৰু চহৰত শিক্ষাৰ ক্ষেত্ৰৰ লগতে স্বাস্থ্য খণ্ডতো সফলভাৱে কাম কৰি আন্তর্জাতিক মঞ্চত চর্চিত হৈছে মৌলানা বদৰুদ্দিন আজমল ।

আৰ্তজনক সহায় কৰাৰ উপৰি দাতব্য চিকিৎসালয়, মহিলা মহাবিদ্যালয়, অনাথ শিশুসকলৰ কাৰণে আগবঢ়োৱা বিশেষ সেৱা ইত্যাদি উল্লেখযোগ্য বিষয়সমূহৰ কাৰণে আজমলৰ নাম 'The World's 500 most influential Muslims' নামৰ আলোচনীখনত প্ৰকাশ পায় । উল্লেখ্য যে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত পূব এছিয়াৰ বৃহত্তম গ্ৰাম্য চিকিৎসালয় হাম হস্পাতালৰ লগতে ৰাজ্যখনত চাৰিখন দাতব্য চিকিৎসালয় স্থাপন কৰি ৰাইজৰ সেৱা আগবঢ়াইছে আৰু এই চিকিৎসালয়কেইখন স্থাপন কৰাৰ পাচত বৰ্তমানলৈকে প্ৰায় ৭৫ কোটি টকাৰ বিনিমূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে ।

আনহাতে, মহিলা সবলীকৰণৰ বাবে উত্তৰ-পূবৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ যোগেদি হোজাইত 'মৰিয়ম আজমল উইমেনছ কলেজ অৱ ছায়েন্স এণ্ড টেকন'লজী' স্থাপন কৰি মহিলাসকলৰ বাবে উন্নত মানৰ শিক্ষা আগবঢ়াইছে । সমান্তৰালভাৱে ৰাজ্যখত এশৰো অধিক শৈক্ষিক প্ৰতিষ্ঠান, এখন আইন মহাবিদ্যালয়, আজমল ছুপাৰ ৪০ নামৰ বিশেষ কোচিং চেণ্টাৰৰ জৰিয়তে প্ৰতিবছৰে শ শ ছাত্ৰ-ছাত্ৰীক চিকিৎসক তথা ইঞ্জিনীয়াৰ হোৱাত সুযোগ প্ৰদান কৰিছে আজমলে ।

ইয়াৰ উপৰি শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে ‘‘নাজিৰ আজমল মেমোৰিয়েল কলেজ অব এডুকেচন’’খন স্থাপন কৰি শ শ শিক্ষাৰ্থীক শিক্ষক-শিক্ষয়িত্ৰী হ'বলৈ সুযোগ প্ৰদান কৰিছে ।

ইয়াৰ লগতে আজমল IAS একাডেমীৰ জৰিয়তে অসম লোকসেৱা আয়োগত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বহু প্ৰশিক্ষাৰ্থীয়ে । সংবাদমেলৰ জৰিয়তে এইকথা জানিবলৈ দিয়ে আজমল ফাউণ্ডেচনৰ বিষয়ববীয়াসকলে ।

সংবাদমেলৰ জৰিয়তে মৌলানা বদৰুদ্দিন আজমলে এনে স্থান লাভ কৰাত আজমল ফাউণ্ডেচনৰ সঞ্চালক ডঃ খচৰুল ইছলামে অভিনন্দন জ্ঞাপন কৰি কয়, "মৌলানা বদৰুদ্দিন আজমলৰ একাগ্ৰতা আৰু সাধনাই আমাক সদায় প্ৰেৰণা দিয়ে ।" আজমল ফাউণ্ডেচনৰ মহাপ্ৰবন্ধক ডঃ এম আৰ এইচ আজাদ, হাম হস্পাতালৰ ন্যাসৰক্ষী শ্বাহিদ হুছেইন, মুখ্য চিকিৎসা বিষয়া ডাঃ চি ইছলাম আৰু প্ৰশাসনিক বিষয়া মাণিক তালুকদাৰো সংবাদমেলত উপস্থিত থাকি মৌলানা বদৰুদ্দিন আজমলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক :আমেৰিকাত অসমীয়া ভাষাৰ ধ্বজা উৰুৱাইছে অসমৰ এজন অভিযন্তাই
লগতে পঢ়ক :ফ্লেটৰ বাসিন্দাৰ বাবে আই আই টি গুৱাহাটীৰ বিশেষ কৌশল উদ্ভাৱন; কি এই কৌশল জানি লওক

ABOUT THE AUTHOR

...view details