ধিং, 28 মাৰ্চ :মন্ত্ৰী পীযুষ হাজৰীকাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে মৈৰাবাৰী ইন্দিৰা খেলপথাৰত আয়োজিত বিশাল জনসভাত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰাৰ্থী সুৰেশ বৰাক লগত লৈ সংখ্যালঘূ ৰাইজক বিজেপি দলত ভোট দিবলৈ আহ্বান জনায় । মৈৰাবাৰীৰ ৰাজনৈতিক ইতিহাসত পোন প্ৰথমবাৰৰ বাবে আজি ইন্দিৰা খেলপথাৰত আয়োজিত হয় বিজেপি দলৰ বিশাল ৰাজনৈতিক সভা । যিখন সভাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিজেপিয়ে কামৰ বিনিময়ত সংখ্যালঘূ ৰাইজৰ ভোট বিচাৰিছে ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মৰিগাঁও জিলাখন আমাৰ জিলা ৷ আমি অসমৰ ভিতৰতে এক নম্বৰ জিলা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছো । মৈৰাবাৰী অঞ্চলৰ ৰাইজ আমাৰ মৰিগাঁও জিলাৰ ৰাইজ গতিকে আমাৰ লগতে থাকিব লাগিব । আপোনালোকৰ অধিকাৰ আপোনালোকে পাব লাগিব ।’
আজি অনুষ্ঠিত হোৱা এই বিশাল জনসভাই এটা কথা স্পষ্ট কৰিছে যে অসমৰ সংখ্যালঘূ ৰাইজে বিজেপিক আদৰি লৈছে । প্ৰাৰ্থী সুৰেশ বৰাই অতি নম্ৰ ভাষাত ৰাইজৰ ভোট বিচাৰে । তেওঁ কয়, ‘মৈৰাবাৰীৰ ৰাইজে মোক ভোট দিব বুলি বিশ্বাস কৰিছো । মোক ৰাইজৰ হৈ কাম কৰাৰ সুবিধা দিয়াৰ বাবে মৈৰাবাৰীৰ ৰাইজ আগবাঢ়ি আহিছে’ বুলি মন্তব্য কৰে তেওঁ । সভাত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো ভাষণ দিয়ে ।