অসম

assam

ETV Bharat / state

ছৈখোৱাত চপৰা চপৰে খহিছে বৰলুইতৰ গৰা; জিঅ’ বেগ স্থাপনৰ নামত কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ

River Erosion at Saikhowa : ছৈখোৱা হাতীঘূলিৰ গোঁসাইগাঁৱত খহনীয়াৰ কালৰূপ ৷ বিধায়ক, সাংসদ কিম্বা চৰকাৰৰ বিয়াগোম বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

River Erosion at Saikhowa
তিনিচুকীয়াৰ ছৈখোৱাত খহনীয়াৰ কবলত বৃহৎ অঞ্চল (ETV Bharat Assam)

তিনিচুকীয়া, ১৬ অক্টোবৰ : “অসমৰ চৰকাৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ যোগ্য অভিযন্তা নাই নেকি ? আজিপৰ্যন্ত গৰাখহনীয়া স্থায়ীভাৱে ৰোধ কৰাৰ কোনো বিকল্প উলিয়াব পৰা নাই । আচলতে ছৈখোৱাৰ এই খহনীয়াক চৰকাৰে খেতি পথাৰৰ দৰে ব্যৱহাৰ কৰি আহিছে । খহনীয়া হ’লে মাত্ৰ দুটামান জিঅ’ বেগ পেলাই কোটি কোটি টকা লুণ্ঠন কৰি লৈ যায় ঠিকাদাৰসকলে ।” - এই মন্তব্য তিনিচুকীয়া জিলাৰ ছৈখোৱা হাতীঘূলি গোঁসাইগাঁৱৰ খহনীয়াগ্ৰস্ত ৰাইজৰ ।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ খহনীয়াত নিঃশেষ হোৱাৰ পথত অঞ্চলটোৰ বহু বিঘা খেতিৰ মাটি ৷ গৰাখহনীয়াৰ কবলত পৰিছে বিঘাই বিঘাই বিলাহী ৰোপণ কৰি থোৱা মাটি ।

তিনিচুকীয়াৰ ছৈখোৱাত খহনীয়াৰ কবলত বৃহৎ অঞ্চল (ETV Bharat Assam)

এগৰাকী খেতিয়কে কয়, "ইতিমধ্যে তিনি বিঘাকৈ বিলাহী খেতি নদীৰ খহনীয়াত জাহ যোৱাৰ লগতে বৰ্তমানো ৰোধ হোৱা নাই গৰাখহনীয়া । ৰাইজে জীয়াতু ভুগি থকাৰ সময়ত বৰ্তমানেও খবৰ নাই কোনো জনপ্ৰতিনিধি তথা চৰকাৰৰ বিয়াগোম বিভাগৰ । বাৰিষাৰ সময়ত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই আহি গৰাখহনীয়া পৰিদৰ্শন কৰি যায় যদিও আজিপৰ্যন্ত কোনো সুফল দেখিবলৈ পোৱা নাই ।"

খহনীয়াগ্ৰস্ত ৰাইজৰ লগতে অভিযোগ, "আমি মুখ্যমন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰি গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে অনুৰোধ জনাইছিলোঁ । কিন্তু ফল পোৱা নাই ।"

উল্লেখ্য যে অঞ্চলটোত জিঅ’ বেগৰ জৰিয়তে খহনীয়া ৰোধ কৰাটো সম্ভৱ নহয় আৰু তৎক্ষণাৎ গৰাখহনীয়া ৰোধ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা স্থানীয় ৰাইজৰ । লগতে অভিযোগ, শদিয়া সমষ্টিৰ পৰা বলিন চেতিয়াই ২৫ বছৰে বিধায়ক হৈ আছে যদিও আজিপৰ্যন্ত কোনো বিশেষ পদক্ষেপ লোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে । গতিকে শীঘ্ৰে চৰকাৰক গৰাখহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :জনজাতীয় বেল্টৰ মাটি বেদখল; শদিয়াত প্ৰশাসনে চলালে বুলড’জাৰ
লগতে পঢ়ক :বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলিমৰ তালিকাত বদৰুদ্দিন আজমলৰ নাম; কিমান সংখ্যক স্থানত আছে আজমল ?

ABOUT THE AUTHOR

...view details