অসম

assam

ETV Bharat / state

"চৰকাৰী চাকৰি" লৈ ঋণত ডুবিল বহু যুৱক ! লখিমপুৰত অভূতপূৰ্ব প্ৰৱঞ্চনা - Job Cheating in Lakhimpur

Job Cheating in Lakhimpur: কৰ্মহীন হেজাৰ হেজাৰ নিবনুৱাৰ সপোন এটা চাকৰি । পিছে নিবনুৱাসকলৰ তেনে আশা আৰু সপোনক লৈ বহুতে হেতালি খেলে । বহুতে চাকৰিৰ সপোন দেখুৱাই নিবনুৱাক পাভচোঁচা দিয়ে । লখিমপুৰত তেনে এটা ঘটনা পোহৰলৈ আহিছে । এক ভয়ংকৰ জালিয়াতিৰ কবলত একাংশ নিবনুৱা ।

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:33 PM IST

Job Cheating in Lakhimpur
চৰকাৰী চাকৰি লৈ ঋণত ডুবিল বহু যুৱক ! (ETV BHARAT ASSAM)

লখিমপুৰ, ২৭ মে’: নিবনুৱাক লৈ এক জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে । চাকৰিৰ সপোন দেখুৱাই একাংশ নিবনুৱাক বেংকৰ ধাৰত ডুবাই পেলোৱা হৈছে । ভুৱাকৈ চাকৰি দি বেংকৰ ধাৰত ডুবাই নিবনুৱাসকলৰ জীৱন বিপৰ্যস্ত কৰি তোলা হৈছে । লখিমপুৰৰ কেইজনমান যুৱকে পোহৰলৈ আনিছে এই ভয়ংকৰ জালিয়াতিৰ ঘটনা । প্ৰৱঞ্চকৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হোৱা যুৱককেইজনে সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে ।

চৰকাৰী চাকৰি লৈ ঋণত ডুবিল বহু যুৱক ! (ETV BHARAT ASSAM)

লখিমপুৰৰ বিহপুৰীয়া অঞ্চলৰ বাহগড়াৰ জ্যোতি দেউৰী, ৰাজ কুমাৰ দেউৰী, নাহৰ আটিৰ অনন্ত দাস, ঘনকান্ত দাসে এনে প্ৰৱঞ্চনাৰ বলি হৈ আজি অৰ্থাৎ আৰক্ষীৰ ওচৰ চাপে । তেওঁলোকে এই ঘটনাত গোগামুখৰ দেৱ দলে নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ তুলি কয় দেৱ দলেই তেওঁলোকক চাকৰি দিয়াৰ প্ৰলোভন দিছিল । সেই মতে এপিডিচিএল, এনএইচপিচি, স্বাস্থ্য বিভাগ আদিত নিযুক্তিৰ নিশ্চিতি দি পৰিচয়পত্ৰ পৰ্যন্ত প্ৰদান কৰিছিল ।

চৰকাৰী চাকৰি লৈ ঋণত ডুবিল বহু যুৱক ! (ETV BHARAT ASSAM)

দুই-তিনিমাহলৈ তেওঁলোকৰ বেংক একাউন্টত ৩১ হেজাৰ, ৬১ হেজাৰ আদি বিভিন্ন পৰিমাণৰ মাহিলী দৰমহাও দিয়া হৈছিল । এনেদৰে তেওঁলোকক ভুৱাকৈ চাকৰি দি দৰমহা পৰ্যন্ত দিয়া হ’ল যদিও তেতিয়ালৈ কিন্তু অভিযুক্তজনে এটকাও তেওঁলোকৰ পৰা লোৱা নাছিল । তাৰ পাচতহে অভিযুক্তজনে আচল খেলখন আৰম্ভ কৰে ।

লগতে পঢ়ক:Job Cheating At Sivasagar : স্বাস্থ্য বিভাগত চাকৰিৰ নামত প্ৰৱঞ্চনা, ভুক্তভোগী কাষ চাপিল আৰক্ষীৰ

তেওঁ যিকেইজনক চাকৰি দিছিল তেওঁলোকৰ যাৱতীয় নথি-পত্ৰসমূহ লৈ বেংকৰ পৰা ঋণ লয় । ঘনকান্ত দাসৰ নামত ১২ লাখ, অনন্ত দাসৰ নামত ৭ লাখ, ৰাজকুমাৰ দেউৰীৰ নামত ১০ লাখকে ধৰি প্ৰতিজনৰ নামত লাখ লাখ টকা বেংকৰ পৰা ঋণ লৈ দেৱ দলেই টকাখিনি সৰকাই নিয়ে । এই ঋণৰ ধাৰ দেৱ দলেই মাৰি থাকিব বুলিও তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল । পিছে কেইমাহমানৰ পিচতে ওলাল আচল স্বৰূপ । বেংকৰ ধাৰ নমৰাৰ বাবে প্ৰত্যেকলৈ বেংকৰ পৰা জাননী আহে ।

ইফালে তেওঁলোকক য'ত নিযুক্তি দিয়া হৈছিল এই সকলোবোৰ ভুৱা বুলি গম পালে । যাৰ বাবে তেওঁলোক এতিয়া বিপদত পৰিছে । এফালে চাকৰি নাই, আনফালে বেংকত লাখ লাখ টকা ধাৰ । ইপিনে ধাৰ মাৰিবলৈ বেংকৰ পৰা জাননী আহিছে । তেনেক্ষেত্ৰত উৱাদিহ হেৰুৱাই এতিয়া এই যুৱকসকল আৰক্ষীৰ কাষ চাপিছে । তেওঁলোকে সদৰী কৰা মতে কেৱল তেওঁলোক কেইজনেই নহয় । অসমত বহু নিবনুৱা যুৱকক এনেদৰে লুন্ঠন কৰা হৈছে ।

লগতে পঢ়ক:চাকৰিৰ নামত প্ৰৱঞ্চনা: বিমান সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ

তেওঁলোকে মুখ্যমন্ত্রীকো এইক্ষেত্ৰত হস্তক্ষেপ কৰাৰ দাবী জনাইছে । মুখ্যমন্ত্রীয়ে হস্তক্ষেপ কৰি এই ভয়ংকৰ জালিয়াতিৰ চক্রটো উৎখাত কৰি প্ৰৱঞ্চনাৰ বলি হোৱা নিবনুৱা যুৱকসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে এইসকল ভুক্তভোগীয়ে ।

ABOUT THE AUTHOR

...view details