ETV Bharat / business

সলনি হৈছে EPFO ৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ নিয়ম; আবেদন কৰাৰ আগতে জানি লওক নতুন নিয়মসূহ

EPFO withdrawal rules : EPFO ত জমা হোৱা ধন উলিয়াব বিচাৰিছে নেকি ? যদি ভাবি আছে তেন্তে ধন উলিওৱাৰ পূৰ্বে জানি লওক এই তথ্য...

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

EPFO withdrawal rules
সলনি হৈছে EPFO ৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ নিয়ম (IANS)

নেশ্যনেল ডেস্ক, ১৮ অক্টোবৰ : EPFO কি সেয়া হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ আপুনি যদি চাকৰিয়াল ব্যক্তি, তেন্তে নিশ্চয় এই বিষয়ে জ্ঞাত যে প্ৰতিমাহে আপোনাৰ দৰমহাৰ এক নিৰ্দিষ্ট পৰিমাণৰ ধন EPF ত জমা হয় ৷ যদিওবা EPF ত জমা কৰা ধনৰাশি সৰহ সংখ্যকেই অৱসৰৰ পিছতহে উলিয়ায়, তথাপিও প্ৰয়োজনৰ সময়ত EPF ৰ পৰা ধন উলিয়াব পাৰি ।

কেৱল এয়াই নহয়, EPFO-ই ইয়াৰ সদস্যসকলক প্ৰয়োজনৰ সময়ত EPF ৰ পুঁজিৰ পৰা ধন উলিওৱাৰ সুবিধাও প্ৰদান কৰে । আংশিকভাৱে এই ধন উলিওৱাৰ বাবে এটা সীমা নিৰ্ধাৰণ কৰা হৈছে । যদি আপুনি আপোনাৰ EPF একাউণ্টৰ পৰা ধন উলিয়াবলৈ বিচাৰিছে, তেন্তে EPFO ৰ কিছু নিয়মৰ বিষয়ে জানিব লাগিব ৷

আনহাতে, শেহতীয়াকৈ EPFO ৰ পৰা ধন উলিওৱাৰ নিয়মৰ কিছু সংশোধনী কৰা হৈছে ৷ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক EPFO ৰ পৰা ধন উলিওৱাৰ নিয়মসমূহ ।

লগতে পঢ়ক : ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে পাবনে ৭৫০০ টকাৰ মাহিলী পেন্সন? ৮ কোটি লোক হ'ব পাৰে লাভৱান - EPS Pension

লগতে পঢ়ক : যদি আপুনি প্ৰথম চাকৰি কৰিছে, তেন্তে EPFO একাউণ্ট খোলোতে এইকেইটা ভুল নকৰিব - Responsibilities Of UAN Holder

২০২৪ চনৰ নতুন EPF ধন উলিওৱাৰ নিয়মসমূহ কি কি ?

  • EPF ৰ পৰা আংশিকভাৱে ধন উলিওৱা বাবে ইয়াৰ সদস্যই অনলাইনযোগে আবেদন কৰিব লাগিব । এই ধনৰাশি কেৱল শিক্ষা, ঘৰ ক্ৰয় বা নিৰ্মাণ, বিবাহ আৰু চিকিৎসাৰ বাবেহে উলিয়াব পাৰিব ।
  • EPFO ৰ পৰা ধন উলিওৱাৰ নিয়ম অনুসৰি এজন EPF ধাৰীয়ে অৱসৰৰ এবছৰৰ পূৰ্বে ৯০ শতাংশ পৰ্যন্ত ধন উলিয়াব পাৰে । ৯০ শতাংশ উলিয়াবলৈ সদস্যৰ বয়স ৫৪ বছৰৰ অধিক হ’ব লাগিব ।
  • আজিকালি বহু কোম্পানীয়ে কৰ্মচাৰীক চাকৰিচ্যুতি কৰে । EPFO ৰ নিয়ম অনুসৰি যদি কৰ্মচাৰীজনৰ চাকৰিচ্যুতি হয় আৰু অৱসৰৰ পূৰ্বে নিবনুৱা হৈ পৰে, তেন্তে তেওঁ EPF ৰ পুঁজিৰ পৰা ধন উলিয়াব পাৰিব ।
  • ইয়াৰ বাহিৰেও কৰ্মচাৰীজনে এমাহ নিবনুৱা হৈ থকাৰ পিছত সেই ধনৰ ৭৫ শতাংশ আৰু একেৰাহে দুমাহ নিবনুৱা হৈ থকাৰ পিছত সম্পূৰ্ণ ধন উলিয়াব পাৰে ৷ একে সময়তে নতুন চাকৰি পোৱাৰ পিছত কৰ্মচাৰীজনে বাকী থকা ২৫ শতাংশ টকা বদলি কৰি পুঁজিটো নতুন EPF একাউণ্টলৈ লৈ যাব ।
  • যদি কোনো কৰ্মচাৰীয়ে ৫ বছৰ ধৰি EPF ত অবিৰতভাৱে বৰঙণি আগবঢ়ায়, তেন্তে তেওঁ উলিওৱাৰ সময়ত কৰ সুবিধাৰ সুবিধাও পায় । একে সময়তে পৰিপক্কতা (Maturity)ৰ পূৰ্বে উলিওৱাৰ সময়ত TDS কৰ্তন কৰা হ’ব । কিন্তু ৫০ হাজাৰতকৈ কম ধন উলিয়ালে TDS কৰ্তন কৰা নহয় ।
  • যদি EPF ৰ সদস্যজনে পান কাৰ্ড ধন উলিওৱাৰ বাবে জমা দিছে, তেন্তে ১০ শতাংশ TDS কৰ্তন কৰা হয় । একে সময়তে পান কাৰ্ড জমা নিদিয়াৰ বাবে ধনৰ ৩০ শতাংশ কৰ্তন হয় ।

আংশিক প্ৰত্যাহাৰৰ বাবে ক’ত আবেদন কৰিব

EPF ৰ সদস্যই আংশিকভাৱে ধন উলিওৱাৰ বাবে EPF পৰ্টেল আৰু UMANG এপত আবেদন কৰিব লাগিব । নিয়োগকৰ্তাৰ পৰা অনুমোদন পোৱাৰ পিছত সেই ধন EPF সদস্যগৰাকীৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হয় । আংশিকভাৱে ধন উলিওৱাৰ বাবে আবেদন কৰাৰ পিছত EPF ৰ সদস্যজনে নিজৰ EPF একাউণ্ট স্থিতিও পৰীক্ষা কৰিব পাৰে ।

লগতে পঢ়ক : EPFO ত জুলাই মাহত ১৯.৯৪ লাখ সদস্যই যোগ দিলে, এমাহৰ ভিতৰত এয়া সৰ্বোচ্চ পৰিসংখ্যা - EPFO PAYROLL

লগতে পঢ়ক : EPFO ৰ সীমা বৃদ্ধি, অৱসৰৰ সময়ত লাভ কৰিব ১ কোটি টকা - EPFO wage ceiling

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.