অসম

assam

ETV Bharat / state

ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতি : ২২ খন জিলাৰ ৪ লাখ ৯ হেজাৰ ৩৫৬ জন লোক ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024 - ASSAM FLOOD 2024

Flood in Assam : ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ ৷ ইতিমধ্যে কেইবাখনো নৈৰ জলস্তৰ আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে । শংকিত হৈ পৰিছে ৰাজ্যবাসী ৷ শেহতীয়া তথ্য অনুসৰি, ২২ খন জিলাৰ ৪ লাখ ৯ হেজাৰ ৩৫৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷

Flood in Assam
ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 9:49 AM IST

গুৱাহাটী, ২১ জুন : ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে । ৰাজ্যজুৰি হৈ থকা নেৰানেপৰা বৰষুণৰ ফলত বাঢ়নী পানীয়ে ন ন অঞ্চল বুৰাই পেলাইছে । বানৰ সমান্তৰালভাৱে অব্যাহত আছে ভূমিস্খলন, নৈৰ খহনীয়া আৰু মথাউৰি ছিগি নৈয়ে তাণ্ডৱ চলোৱাৰ ঘটনা । কেইবাখনো নৈৰ জলস্তৰ আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

শেহতীয়া খবৰ অনুসৰি, ওদালগুৰিত পানীত বুৰি কালি এগৰাকী মহিলাৰ মৃত্যু হৈছে । আনহাতে, এতিয়ালৈকে এজন সন্ধানহীন হৈ আছে । ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে ।

৬৭ টা ৰাজহ চক্ৰৰ অন্তর্গত ১,৩১১ খন গাঁও বানত :

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে, সম্প্ৰতি ৰাজ্যৰ ২২ খন জিলা বানৰ কবলত পৰিছে । ২২ খন জিলাৰ ৬৭ টা ৰাজহ চক্ৰৰ অন্তর্গত ১,৩১১ খন গাঁও বানত বুৰ গৈছে । বিশেষকৈ কৰিমগঞ্জ, কামৰূপ, নলবাৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, তামুলপুৰ, দৰং, কোকৰাঝাৰ, ওদালগুৰি জিলা সৰ্বাধিক প্রভাবিত হৈছে ।

লগতে পঢ়ক :ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত, ১.০৫ লাখ লোক ক্ষতিগ্রস্ত - Assam Flood 2024

কৰিমগঞ্জ জিলা ২৭৯ খন, তামুলপুৰৰ ৮৪ খন, ওদালগুৰিৰ ৫১ খন, কামৰূপ-বৰপেটাৰ ১৮২ খন, কোকৰাঝাৰৰ ৭০ খন, দক্ষিণ শালমাৰাৰ ৬৬ খন, নলবাৰীৰ ৯৯ খন, দৰঙৰ ৮২ খন আৰু গোৱালপাৰাৰ ৯৮ খন গাঁও বাঢ়নী পানীৰ তলত বুৰ গৈছে । বানৰ ফলত এতিয়ালৈকে চাৰি লাখ ন হেজাৰ ৩৫৬ জন লোক ক্ষতিগ্রস্ত হৈছে বুলি জানিব পৰা গৈছে ।

বানত ক্ষতিগ্ৰস্ত ৬,৪২৪ হেক্টৰ কৃষিভূমি :

পানীত বুৰ গৈছে ৬,৪২৪ হেক্টৰ কৃষিভূমি । বানপীড়িত জিলাকেইখনত ১০৫টা আশ্রয় শিবিৰ আৰু ৭৮টা সাহায্য কেন্দ্ৰ স্থাপন কৰা হৈছে । সাহায্য শিৱিৰসমূহত সম্প্রতি ১৪,২১৫জন বন্যার্তই আশ্রয় গ্ৰহণ কৰি আছে । আনহাতে, কামপুৰত কপিলী, মাটিজুৰিত কটাখাল, বদৰপুৰঘাটত বৰাক আৰু কৰিমগঞ্জত কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি কেন্দ্রীয় জল আয়োগে প্ৰকাশ কৰিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা :

ইপিনে, অহা তিনিদিলৈ ৰাজ্যজুৰি বৰষুণৰ প্রকোপ চলি থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । অহা ২৩ জুনলৈকে বতৰৰ আগলি বতৰা অনুসৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পাতলীয়াৰপৰা মজলীয়া বৰষুণ অব্যাহত থাকিব ।

লগতে পঢ়ক :ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details