ৰঙিয়া : বনভোজৰ আনন্দ তথা নৱবৰ্ষ উদযাপনৰ আনন্দৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিত সংঘটিত এটা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডত বিজেপি নেতাসহ এইপৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৯ অভিযুক্তক ।
আৰক্ষীৰ জালত পৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰঙিয়া টাউন মণ্ডলৰ সভাপতি অনুস্ময় কলিতা । অনুস্ময়ৰ লগতে হত্যাকাণ্ডত অভিযুক্ত হিমাংশু কাকতি, মণি কাকতি, বিকি লহকৰ, নিতু কলিতা, অমূল্য লহকৰ, ধ্ৰুৱ মহন্ত, গকুল কলিতা আৰু অৰূপ কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
আনহাতে, ধৰ্মেন্দ্ৰ হত্যাকাণ্ডৰ অভিযুক্তক ৰক্ষণাবেক্ষণ আৰু পলায়ন কৰাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে বিহালীৰ পংকজ শৰ্মা আৰু সঞ্জয় সৰকাৰক । হিমাংশু কাকতি আৰু অমূল্য লহকৰক ঢেকীয়াজুলিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অনুস্ময় কলিতা, মণি কাকতি, বিকি লহকৰ আৰু নিতুল কলিতাক ।
ইয়াৰ উপৰি মঙলবাৰে তেজপুৰৰ গৰৈমাৰীৰ বায়ুসেনা ঘাটিত গ্ৰেপ্তাৰ কৰা হয় ধ্ৰুৱ মহন্তক । অভিযুক্ত ধ্ৰুৱ মহন্ত বায়ুসেনাৰ ঘাটিৰ এম ই এছৰ (MES) কৰ্মচাৰী । গকুল কলিতা, অৰূপ কলিতাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ধৰ্মেন্দ্ৰ হত্যাকাণ্ডত অভিযুক্ত অনুস্ময় কলিতাক ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰঙিয়া টাউন মণ্ডলৰ সভাপতি পদৰ পৰা বহিষ্কাৰ নকৰাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । ইপিনে সমাজ কল্যাণ বিভাগৰ কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মণি কাকতি আৰু বায়ুসেনাৰ ঘাটিৰ এম ই এছৰ কৰ্মচাৰী ধ্ৰুৱ মহন্তৰ বিৰুদ্ধেও এইপৰ্যন্ত লোৱা নাই কোনো বিভাগীয় ব্যৱস্থা । যাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰঙিয়াবাসী ।
উল্লেখ্য যে ৫ দিন ধৰি নিখোঁজ হৈ থকাৰ পিছত ষষ্ঠদিনা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ এটা পুখুৰীত উদ্ধাৰৰ পিছতে ৰঙিয়া থানা ঘেৰাও কৰি আৰক্ষীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে শাস্তিমূলক বদলি কৰা হৈছে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় বৰ্মনক । আনহাতে, ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ তদন্তত গাফিলতি কৰাৰ অভিযোগত অজয় বৰ্মনক হাজো থানালৈ শাস্তিমূলক বদলি কৰা হয় । কিয়নো প্ৰথম অৱস্থাত ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ গোচৰ লোৱা নাছিল ৰঙিয়া আৰক্ষীয়ে ।
উল্লেখ্য যে যোৱা বুধবাৰে বনভোজৰ আনন্দৰ মাজতে এটা সাধাৰণ দুৰ্ঘটনাৰ বাবে ২১ বছৰীয়া ধৰ্মেন্দ্ৰ নাথৰ ওপৰত জঁপিয়াই পৰিছিল বিজেপি নেতাসহ প্ৰায় ১০ জনীয়া যুৱকৰ এটা দল । ধৰ্মেন্দ্ৰ নাথক মাৰপিট কৰাৰ লগতে পুখুৰীত দলিয়াই পেলাই দিয়া বুলি অভিযোগ উত্থাপন হৈছিল । মাৰপিটৰ ঘটনাৰ পিছৰে পৰা নিখোঁজ হৈ আছিল ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ ।
এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে বহিঃৰাজ্যত গৈ আত্মগোপন কৰিছিল বিজেপি নেতাসহ ৪ অভিযুক্তই । আনহাতে, ঘটনাৰ নিশাই ভুক্তভোগী ধৰ্মেন্দ্ৰৰ পৰিয়ালে এজাহাৰ দিবলৈ যোৱাৰ পিছতো গোচৰ নোলোৱাত ক্ষুব্ধ স্থানীয় ৰাইজে ৰঙিয়া থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছত গোচৰ ৰুজু কৰি ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।
ঘটনাৰ ৫ দিন পিছত মালধাপাৰাৰ আশ্ৰমৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হৈছিল ধৰ্মেন্দ্ৰৰ মৃতদেহ । পুখুৰীত পানীৰ তলত গোঁজ মাৰি থোৱা অৱস্থাত ধৰ্মেন্দ্ৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে হাহাকাৰ লাগে ভুক্তভোগী পৰিয়ালটোৰ । ঘটনাৰে জড়িত বিজেপি নেতা-পালিনেতাৰ বিৰুদ্ধে খঙত টিঙিৰি তুলা হৈ পৰে স্থানীয় ৰাইজ । অঞ্চলবাসীৰ খং-ক্ষোভ তথা প্ৰতিবাদত কেইবাটাও অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
ইপিনে দুৰ্ভগীয়া ধৰ্মেন্দ্ৰৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰি বিজেপি সদস্য হ’লেও কোনো সাৰি যাব নোৱাৰে বুলি সকীয়নি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ । দোষীক কঠোৰ শাস্তি দিয়া হ’ব বুলি মন্তব্য কৰি অভিযুক্ত এজন বিজেপিৰ সদস্য আৰু দুজনমান বজৰং দলৰ সদস্য বুলিও স্বীকাৰ কৰে ভৱেশ কলিতাই ।
আনহাতে, সোমবাৰে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ আহি পোৱাৰ আগমুহূৰ্তত চেপা উত্তেজনাই বিৰাজ কৰে ৰঙিয়াত । ৰঙিয়াৰ ৰাজপথত হাজাৰ হাজাৰ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে উত্তেজিত ৰাইজে । ৰাজপথত অৱস্থান লৈ আঁতৰি নোযোৱাৰ সিদ্ধান্ত লয় ৰাইজে । যাৰ বাবে ব্যাপক হাৰত আৰক্ষী বাহিনী মোতায়ন কৰা হয় ।
ইফালে ধৰ্মেন্দ্ৰ নাথৰ কৰ্মস্থলীলৈ মৃতদেহটো নি শ্ৰদ্ধাঞ্জলি দিব বিচাৰে যদিও প্ৰশাসনে ৰাইজৰ সেই দাবী মানি নোলোৱাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । অৱশ্যে কেইবা ঘণ্টাৰ অন্তত পৰিস্থিতি শান্ত হয় । আৰক্ষীৰ উপস্থিতিত ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ নিজ ঘৰলৈ লৈ যোৱা হয় । কিন্তু প্ৰশ্ন হ’ল, ন্যায় পাবনে দুৰ্ভগীয়া ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালে ?