অসম

assam

মিজিলছ ৰোগত আক্ৰান্ত হৈ ডিমা হাছাওত চাৰিটা শিশুৰ মৃত্যু - measles disease at Semkhor

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 7:13 AM IST

Measles at Semkhor claims 4 lives : ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে মিজিলছ ৰোগে ৷ ডিমা হাছাও জিলাৰ চেমখৰ গাঁৱত মিজিলছ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে চাৰিটা শিশু মৃত্যুমুখত পৰিছে ৷ আনকি 50 ৰো অধিক শিশু এই ৰোগত আক্ৰান্ত হৈ আছে বুলি সদৰী কৰিছে ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ লোকে ।

মিজিলছ ৰোগ
মিজিলছ ৰোগ

ডিমা হাছাওত মিজিলছ ৰোগৰ ভয়াৱহতা

হাফলং, 11 এপ্ৰিল : ডিমা হাছাও জিলাৰ চেমখৰ গাঁৱত মিজিলছ ৰোগে ধাৰণ কৰিছে মহামাৰীৰ ৰূপ । জানিব পৰা মতে, ইতিমধ্যে মাইবাং মহকুমাৰ অন্তৰ্গত প্ৰত্যন্ত চেমখৰ গাঁৱত মিজিলছ ৰোগত আক্ৰান্ত হৈ চাৰিগৰাকী শিশুৰ মৃত্যু হৈছে । বিগত 11 মাৰ্চৰ পৰাই চেমখৰ গাঁৱত শিশুসকল আক্ৰান্ত হৈছে মিজিলছ ৰোগত ।

কিন্তু প্ৰত্যন্ত গাঁও হোৱাৰ বাবে এই খবৰ ডিমা হাছাও জিলাৰ সদৰ চহৰত আহি পোৱাত কিছু পলম হৈছে বুলি সদৰী কৰে ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ লোকে ৷ বুধবাৰে লাভ কৰা বাতৰি অনুসৰি, চেমখৰ গাঁৱৰ এবছৰৰ পৰা পাঁচ বছৰ বয়সৰ অধিকাংশ শিশু মিজিলছ ৰোগত আক্ৰান্ত হৈছে ।

মিজিলছ ৰোগত আক্ৰান্ত শিশুৰ মৃত্যু

স্বাস্থ্য বিভাগৰ লোকে উল্লেখ কৰা মতে, মিজিলছৰ লগতে জ্বৰ, চৰ্দি, কাহ, বমি আৰু পেটৰ অসুখত আক্ৰান্ত হৈছে অঞ্চলটোৰ শিশুসকল । এতিয়ালৈকে এই মিজিলছ ৰোগত আক্ৰান্ত হৈ চেমখৰ গাঁৱত চাৰিগৰাকী শিশুৰ মৃত্যু হৈছে ৷ লগতে 50 ৰো অধিক শিশু এই ৰোগত বৰ্তমান পৰ্যন্ত আক্ৰান্ত হৈ আছে ।

ইফালে মাইবাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তিলক ডেকাই জানিবলৈ দিয়া মতে, বাতৰি যুগুত কৰা পৰলৈকে এই ৰোগত আক্ৰান্ত হৈ 30 গৰাকী শিশু মাইবাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হৈ আছে । ইয়াৰ মাজতে 7 গৰাকী শিশুক উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ডাঃ তিলক ডেকাই লগতে উল্লেখ কৰে যে চেমখৰ গাঁৱৰ শিশুসকলে মিজিলছৰ ভেকচিন নোলোৱাৰ বাবেই এনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছে । ইপিনে মাইবাং প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰবি প্ৰকাশ ৰায়ে জানিবলৈ দিয়া মতে চেমখৰ গাঁৱত এবছৰ পৰা 5 বছৰৰ 95 শতাংশ শিশু মিজিলছ ৰোগত আক্ৰান্ত হৈছে আৰু বহু শিশু জ্বৰ, চৰ্দি, কাহ, বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হৈছে ।

তেওঁ উল্লেখ কৰা মতে, ইতিমধ্যে এই শিশুসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে । লগতে চেমখৰ গাঁৱত মিজিলছ মহামাৰী ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে পাৰ্যমানে সকলো পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :তামোল-পাণ-গুটখা খোৱাৰ ফলত দাঁতৰ কি কি সমস্যা হ'ব পাৰে? - Side effect of tobacco

ABOUT THE AUTHOR

...view details