তিনিচুকীয়া, ১৮ জুন: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত কংগ্ৰেছে আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ বান্ধিছে টঙালি ৷ সমষ্টিটোৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ কুমচাং চাহ বাগিচাত বিজেপিৰ প্ৰতি মোহভংগ হৈ বহুকেইগৰাকী বুথ সভাপতিয়ে আজি অৰ্থাৎ মঙলবাৰে কংগ্ৰেছ দলত যোগদান কৰে ৷ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক দূৰ্গা ভূমিজৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ লগতে লোকসভা নিৰ্বাচনৰ ফলাফল সমষ্টিটোত কংগ্ৰেছৰ পূৰ্বতকৈ ভাল ফলাফলক লৈ উদযাপন কৰিলে বিজয় উৎসৱ ৷
২৬ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি গৌৰৱ গগৈ ! (Etv Bharat Assam) প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰা সভাখনৰ পৰাই প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজে শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৷ ভূমিজে কয় যে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস পুনৰ ঘূৰি আহিছে ৷ বিজেপিয়ে চাহ শ্ৰমিক ৰাইজক মাত্ৰ ভোটৰ বাবে ব্যৱহাৰ কৰি আহিছে ৷
তেওঁ লগতে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচন ২০২৬ আৰু পঞ্চায়ত নিৰ্বাচনত দলটোৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে ৷ ইয়াৰ উপৰি আগন্তুক দিনত দলৰ পৰা গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিলে সকলো সুখী হ’ব বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷
সমান্তৰালকৈ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা ন-কংগ্ৰেছীয়েও বিজেপিৰ লগতে বিধায়ক ৰূপেশ গোৱালাৰ ওপৰত ক্ষোভ উজাৰে ৷ বিধায়ক ৰূপেশ গোৱালাই চাহ জনগোষ্ঠীয় লোকৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা অভিযোগ কৰে ৷ লগতে শাসকীয় বিজেপি চৰকাৰে বিগত দুটা কাৰ্যকালত জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ হোৱাৰ দাবী কৰে ন-কংগ্ৰেছীয়ে ৷ বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰে তেওঁলোক ৷
লগতে পঢ়ক:লখিমপুৰত সাংসদ প্ৰদান বৰুৱাক দলীয় কৰ্মীৰ আদৰণি - MP Pradan Baruah