ডিফু, ১৬ জুন : ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে কাৰ্বি আংলঙতো আৰক্ষীয়ে অব্যাহত ৰাখিছে নিষিদ্ধ নিচাৰ বিৰুদ্ধে অভিযান ৷ দেওবাৰেও বৰপথাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান ৷ আৰক্ষীৰ অভিযানকালত কেইবাকোটি টকাৰ মৰফিন জব্দ কৰা হয় ৷ তদুপৰি এখন বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি, বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হয় । মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ডব্লিউ বি ২৬ টি ২৮৪১ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনত চলোৱা তালাচীৰ সময়ত বাহনখনৰ পৰা আৰক্ষীয়ে ১৬ টা পেকেটত লুকুৱাই ৰখা ৮ কেজি ৩৩ গ্ৰাম মৰফিন আৰক্ষীয়ে জব্দ কৰে ।
লগতে পঢ়ক:কাছাৰত বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ তিনি মিজো সৰবৰাহকাৰী
বাহনখনৰ পিচফালৰ দুয়োটা চকাৰ মাডগাৰ্ডৰ ওপৰৰ বডী অংশত কৌশলেৰে লুকুৱাই মৰফিনখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল । জব্দ হোৱা মৰফিনখিনিৰ বজাৰ মূল্য কমেও প্ৰায় চাৰি কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ ভীমছিং লিম্বু নামৰ সৰবৰাহকাৰীটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷