গোলাঘাট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে গোলাঘাটৰ মেৰাপানীত এট হাঁহক কেন্দ্ৰ কৰি ৰক্তাক্ত হ'ল ভেলাঘৰৰ বাকৰি । ভেলাঘৰৰ বাকৰিত দুই ঘাতকৰ আক্ৰমণত এজন যুৱকৰ হাত কাটি ৰক্তাক্ত হোৱাৰ পৰিণতিত ভোগালীৰ উছাহ ম্লান পৰিল কাছমাৰী দুৱৰণি গাঁৱত ।
এটা হাঁহ চুৰি কৰাৰ সন্দেহত ভেলাঘৰৰ বাকৰিত পৱিত্ৰ শইকীয়া নামৰ যুৱকজনক চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে দুই ঘাতকে । অনিল শইকীয়া আৰু বীৰেন বৰা নামৰ দুই উন্মত্ত লোকৰ দাৰ ঘাপত পৱিত্ৰ শইকীয়াৰ বাঁওহাত কাটি ৰক্তাক্ত হোৱাত হুৱাদুৱা লাগে ভেলাঘৰৰ বাকৰিত ।
এটা হাঁহৰ বাবে ! ৰক্তাক্ত ভেলাঘৰত উৰুকা হ'ল উৰুঙা (ETV Bharat Assam) অনিল শইকীয়াই তেওঁৰ এটা পোহনীয়া হাঁহ পৱিত্ৰ শইকীয়াই চুৰি কৰা বুলি সন্দেহ কৰি কোনো সোধা-পোছা নকৰাকৈ দাৰে আক্ৰমণ কৰে । আনজন আক্ৰমণকাৰী বীৰেন বৰা পেছাত এজন চৰকাৰী শিক্ষক । ইফালে স্থানীয় ৰাইজে নিশাতেই সংকটজনক অৱস্থাত পৱিত্ৰ শইকীয়াক স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে ।
দুৱৰণি গাঁৱৰ ৰাইজে ইতিমধ্যে আক্ৰমণকাৰী অনিল শইকীয়া আৰু বীৰেন বৰাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ইফালে ভেলাঘৰৰ বাকৰিত ঘটা এই ভয়ংকৰ ঘটনাৰ বাবে নিশা ভোজ-ভাত খোৱা ন'হল দুৱৰনি গাঁৱৰ ৰাইজৰ, জ্বলোৱা নহ'ল মেজিও । সম্প্ৰতি এই অবাঞ্ছিত ঘটনাটোক কেন্দ্ৰ কৰি গাঁওখনত চেপা উত্তেজনা বিৰাজ কৰি আছে ।
সমগ্ৰ ঘটনা সম্পৰ্কে স্থানীয় এজন লোকে কয়, "বহুত আনন্দ-উল্লাসৰ মাজতে অনুষ্ঠান অনুষ্ঠিত হৈ আছিল । তাৰ মাজতে আমাৰ ইয়াৰ অনিল শইকীয়া বিতৰ্কিত শিক্ষক, তেওঁৰ নামত মেৰাপানী আৰক্ষী থানাত কিমান গোচৰ আছে জানিব পাৰিব, তেখেতে মোৰ ভতিজা পৱিত্ৰ শইকীয়াক হাঁহ চোৰ বুলি কয় । তাৰ পিছত বীৰেন বৰাই দা উলিয়াই দিছে আৰু অনিল শইকীয়াই ঘাপ মাৰি দিলে । যাৰ বাবে এতিয়া হাতৰ শিৰসমূহ কাটি গৈছে । নিশা গোলাঘাটৰ চিকিৎসালয়ত চিকিৎসা কৰালো যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিছে । এই সমগ্ৰ ঘটনাৰ আমি ন্যায় বিচাৰিছোঁ । আৰক্ষীক ইতিমধ্যে জনোৱা হৈছে ।"
আনহাতে, এই সম্পৰ্কে স্থানীয় এজন যুৱকে কয়, "মই বহি থকা অৱস্থাতে তেখেতে আহি হাঁহ চোৰ বুলি কৈ থানাত দিম বুলি কোৱাৰ পাছত এখন দা উলিয়াই ঘাপ মাৰি দিলে । তাৰ পাছতে আমি খেদি গ'লোঁ, কিন্তু দুইজনে চোকা দা উলিয়াই লয় । এই সম্পৰ্কে আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে । ইয়াৰ উপৰি মেজি জ্বলাবলৈ নাপালোঁ, এনেকৈয়ে থাকি গ'ল ।"