তেজপুৰ, ১১ এপ্ৰিল : বিশ্ববিখ্যাত মাজুলীৰ মুখাশিল্পই শেহতীয়াকৈ ভাৰত চৰকাৰৰ ভৌগোলিক সূচক লাভ কৰিবলৈ সক্ষম হৈছে ৷ গুৰুজনাৰ সৃষ্টি ভাওনাৰ বিভিন্ন চৰিত্ৰৰ বাবে ব্যৱহৃত হোৱাৰ লগতে আন আন ক্ষেত্ৰতো এই মুখা বহুল সমাদৃত ৷
প্ৰাচীন মুখাশিল্পৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ স্বাৰ্থত উত্তৰ অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান দৰং মহাবিদ্যালয়ত লোৱা হৈছে প্ৰশংসনীয় পদক্ষেপ ৷ মহাবিদ্যালয়খনৰ ট্ৰেভেল এণ্ড ট্যুৰিজিম মেনেজমেণ্ট বিভাগৰ দ্বাৰা মাজুলীৰ চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰৰ উদ্যোগত অনুপম গোস্বামীৰ দ্বাৰা দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুখা তৈয়াৰ কৰাৰ এক বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ।
মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক মুখা কেনেদৰে তৈয়াৰ কৰিব লাগে আৰু কি কি সামগ্ৰীৰ প্ৰয়োজন তাৰ ব্যৱহাৰিক দিশৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় এই কৰ্মশালাত ৷ উল্লেখ্য যে সত্ৰপীঠ মাজুলীৰ মুখাশিল্প নদী দ্বীপটোৰ বহু যুগৰ পুৰণি কলা ৷ এই কলা ১৬ শতিকাৰ পৰাই চলি অহা বুলি প্ৰবাদ আছে ৷ সত্ৰপীঠখনৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ আছে অন্যতম সুনাম, যিখন সত্ৰৰ পৰা আহি দৰং মহাবিদ্যালয়ত মুখাশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে অনুপম গোস্বামীয়ে ৷