পাঠশালা :অসম সাহিত্য সভাৰ বজালী অধিৱেশনত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এখন বিশেষ তাঁতশাল । এই তাঁতশালখন চাবলৈ আৰু ইয়াৰ বিষয়ে জানিবলৈ সাহিত্য সভাৰ অধিৱেশনস্থলীত সমবেত হাজাৰ হাজাৰ লোকে তাঁতশালৰ প্ৰদৰ্শনীস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে ।
শিৱসাগৰত নিৰ্মিত এই বিশেষ তাঁতশালখনৰ নাম হৈছে মাইনা অটোমেটিক তাঁতশাল । সাহিত্য সভাৰ অধিৱেশনৰ বজালী হাটৰ ষ্টলত উপলব্ধ এই বিশেষ তাঁতশালখনে সকলোৰে মন মুহিছে ।
সাহিত্য সভাৰ পাঠশালা অধিৱেশনত আকৰ্ষণৰ কেন্দ্ৰবিন্দুত এখন বিশেষ তাঁতশাল (ETV Bharat Assam)
কি বিশেষত্ব মাইনা অটোমেটিক তাঁতশালৰ
সাধাৰণতে আমি হস্ততাঁতৰ জৰিয়তে এদিনত এখন, দুখন বা তিনিখনলৈকে কাপোৰ বৈ উলিয়াব পাৰোঁ । কিন্তু এই মাইনা অটোমেটিক তাঁতশালত এদিনতে ১০ খনলৈকে কাপোৰ বৈ উলিয়াব পাৰিব । যাৰ কাৰণে এই তাঁতশালখনৰ নাম ৰখা হৈছে মাইনা অটোমেটিক তাঁতশাল । মঙলদৈৰ এগৰাকী লোকে বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ বাবে পাঠশালালৈ এই তাঁতশালখন শিৱসাগৰৰ পৰা আনিছে ।
আনহাতে, এই তাঁতশালখনে যথেষ্ট সমাদৰৰ লগতে বজাৰো লাভ কৰা বুলি আমাৰ আগত ব্যক্ত কৰে বিক্ৰেতাসকলে । লগতে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ তৃতীয় দিনলৈকে চাৰিখন তাঁতশাল ইতিমধ্যে বিক্ৰী হোৱা বুলিও আমাক জানিবলৈ দিয়ে ।
মাইনা অটোমেটিক তাঁতশাল (ETV Bharat Assam)
উল্লেখ্য যে কোনো ধৰণৰ বিদ্যুৎ শক্তি অথবা অন্য ইন্ধন অবিহনে বিয়েৰিঙৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে এই তাঁতশালখন । সাধাৰণ হস্ততাতৰ দৰে ইয়াতে মাকোঁও আছে । তাঁতশালখনত এখন হাতেৰে ৰাচঁ টানি এখন ভৰিৰে গৰকাত হেঁচা দি মাকোঁৰ চেও দি বোৱা হয় কাপোৰ ।