তিনিচুকীয়া:চাৰিদিনৰ অন্তত বুধবাৰে জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰা দধীয়াৰ অমৃশ মিপুনক নিজৰ জিম্মাত লয় তিনিচুকীয়া আৰক্ষীয়ে । দেওবাৰে তিনিচুকীয়া জিলাৰ দিনজান ঘাটত দধীয়ালৈ যাত্ৰা কৰা এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ সময়তে ভগৱানৰ ৰূপ লৈ তিনিগৰাকীকৈ লোকক প্ৰাণ বচাবলৈ সক্ষম হোৱা দিনজান চাহ বাগিছাৰ মনোজ প্ৰায়া নামৰ লোকজনক নাৱত উঠিবলৈ বাধা প্ৰদান কৰাৰ লগতে গোৰ মাৰি নদীত পেলাই দিছিল দধীয়াৰ অমৃশ মিপুনে ।
স্থানীয় বহু লোকে ঘাটৰ পাৰৰ পৰা তেনে নকৰিবলৈ মানা কৰিছিল যদিও কোনো কথা গুৰুত্ব নিদি অমৃশ মিপুনে নাৱত উঠিবলৈ দিয়াৰ সলনি ডিব্ৰু নৈত পেলাই দিছিল দিনজান চাহ বাগিচাৰ মনোজ প্ৰায়াক । এই সমগ্ৰ ঘটনা বন্দী হয় এগৰাকী স্থানীয় লোকৰ ম'বাইলৰ কেমেৰাত । পৰৱৰ্তী সময়ত ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।
সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে 397/24 CEC 103(1)/238 (A) BNS নম্বৰত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত । সমান্তৰালভাৱে ডিব্ৰু নৈৰ বুকুত বিলিন হোৱা মনোজ প্ৰায়াৰ সন্ধানত এছ ডি আৰ এফে চলাই অভিযান । কিন্তু ঘটনা সংঘটিত হোৱাৰ আজি চাৰিটা দিন অতিক্ৰম কৰিলে যদিও কোনো সন্ধান নাই মনোজ প্ৰায়াৰ । তাকে লৈ এতিয়া ভাগি পৰিছে অতি দৰিদ্ৰ পৰিয়ালৰ মনোজ প্ৰায়াৰ পত্নীসহ সন্তান ।