জোনাই/ধেমাজি, ১৭ ছেপ্টেম্বৰ :শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বিষয়টোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত ADRE-২০২৪ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে তৎপৰ হৈছে অসম আৰক্ষী ।
শিক্ষামন্ত্ৰীৰ গৃহ জিলাৰ পৰাই ভাইৰেল ADREৰ প্ৰশ্নকাকত (ETV Bharat Assam) কটকটীয়া নিৰাপত্তা আৰু স্বচ্ছতাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰে প্ৰতিগৰাকী প্ৰাৰ্থীক তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ পিচতো প্ৰশ্নকাকত ভাইৰেল হোৱাত বিভিন্ন মহলে চৰকাৰক সমালোচনা কৰাও দেখা গৈছে ।
- ক'ৰ পৰা ভাইৰেল প্ৰশ্নকাকত ?
কিন্তু আপুনি জানেনে প্ৰশ্নকাকত ক'ৰ পৰা ভাইৰেল হ'ল ? শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ পৰাই ভাইৰেল হ'ল প্ৰশ্নকাকত (Question Booklet)। ভাইৰেল হোৱা প্ৰশ্নকাকতৰ পৃষ্ঠাটো আছিল জিলাখনৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰটোৰ ।
প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকা অভিযুক্ত (ETV Bharat Assam) প্ৰশ্নকাকত ফাদিল হোৱাৰ ভয়তে প্ৰশাসনে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে নিছিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল । প্ৰতিগৰাকী প্ৰাৰ্থীকে তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছিল । ইফালে পৰীক্ষাৰ নিয়ম অনুসৰি OMR শ্বীটৰ লগতে প্ৰশ্নকাকতো প্ৰাৰ্থীয়ে জমা দিব লাগে । তেনেস্থলত কোনো প্ৰাৰ্থীয়ে প্ৰশ্নকাকতৰ ফটো তুলিব পৰা সুবিধা নাই !
প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকা অভিযুক্ত (ETV Bharat Assam) তেনেহ'লে কোনে ফটো তুলি সামাজিক মাধ্যমত ভাইৰেল কৰিলে প্ৰশ্নকাকতৰ এটা অংশ ? ভাইৰেল হোৱা ফটোখন অনুসৰি প্ৰশ্নকাকতৰ (বুকলেট) নম্বৰ আছিল ১০৩৫০৩৪ । সেই প্ৰশ্নকাকতখনৰে পিডিএফ ফৰমেটৰ এটা অংশ ভাইৰেল হৈ পৰে । ইয়াৰ আধাৰতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে । আৰক্ষী এটা কথাত নিশ্চিত আছিল যে প্ৰশ্নকাকতৰ ফটো পৰীক্ষাকেন্দ্ৰতে লোৱা হৈছিল ।
প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকা অভিযুক্ত (ETV Bharat Assam) যদি প্ৰাৰ্থীয়ে এই কাম কৰা নাছিল তেনেহ'লে কোনে কৰিলে এই নিকৃষ্ট কাম ? অৱশেষত ইয়াৰ আঁৰত থকাৰ ব্যক্তিৰ সন্ধান পালে আৰক্ষীয়ে । আচলতে উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰটোত ছেবাই দায়িত্ব দিয়া ভিডিঅ'গ্ৰাফাৰে ফটোখন শ্বেয়াৰ কৰিছিল । ধেমাজিৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে ।
প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকা অভিযুক্ত (ETV Bharat Assam) মূল অভিযুক্ত ভিডিঅ'গ্ৰাফাৰ মংগলসিং বসুমতাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । লগতে প্ৰশ্নকাকতৰ পিডিএফৰ এটা অংশ ভাইৰেল কৰা মোবাইলটোও জব্দ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মংগলসিং বসুমতাৰীক জেৰা অব্যাহত ৰাখিছে ।
আৰক্ষী অধীক্ষকে জনোৱা মতে ঘটনা সন্দৰ্ভত ৩ জন লোকক সোধ-পোছৰ বাবে আটক কৰা হৈছে । লগতে ইয়াৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি তাৰ অনুসন্ধান চলাই থকা হৈছে । পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিচত ভিডিঅ'গ্ৰাফাৰে প্ৰশ্নকাকতৰ স্কেন কপি সংগ্ৰহ কৰিছিল । তাৰ পৰাই ভিডিঅ'গ্ৰাফাৰ মংগলসিং বসুমতাৰীয়ে এটা অংশ বিভিন্নজনলৈ প্ৰেৰণ কৰিছিল ।
প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকা অভিযুক্ত (ETV Bharat Assam) স্বচ্ছ আৰু নিকা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচতো এইধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ পৰাই এই ঘটনা সংঘটিত হোৱাত অধিক সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ ।
ইফালে এই ক্ষেত্ৰত নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে ধেমাজি জিলা ছাত্ৰ সন্থাই । আছুৰ জিলা সভাপতিয়ে এই ক্ষেত্ৰত কয়, "প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাত বিফল হৈছে । সেয়ে প্ৰশ্নকাকত ফাদিলৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ দাবী জনাইছো ।"
প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে ফটোগ্ৰাফাৰ মংগলসিং বসুমতাৰীৰ লগতে শিক্ষক মনোহৰ নাৰ্জাৰী আৰু দ্বিজেন বড়োক গ্ৰেপ্তাৰ কৰিছে । ইফালে এগৰাকী মহিলাসহ ১০ গৰাকী লোকক আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে । ধৃত লোককেইজন ক্ৰমে উমেশ বসুমতাৰী, দিলীপ দৈমাৰী, হৰখাপ নাৰ্জাৰী, দেৰহাচাব বসুমতাৰী, ৰৈমালু বড়ো, বিপিন বসুমতাৰী, সুমন আহমেদ, গজেন দাস, দিগন্ত বৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :দেওবাৰে দিনৰ 2.17 বজাত স্কেন হৈছিল প্ৰশ্নকাকত; চিমেন চাপৰিৰ এজনক আটক - ADRE Question Paper Leak