বকো,১৩ এপ্ৰিল:চৌদিশে ৰঙালীৰ ৰং । বছৰেকৰ বিহুৰ দিনা সেৱা লৈছে ভিন্ন ধৰ্মীয় স্থানত । ইয়াৰ মাজতে চৰ্চাত এক বিশেষ ধৰ্মীয় স্থান । অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে বছৰটোৰ বাবে কুশল-কামনা কৰি ভক্তসকলে ভিৰ কৰিছে ভিন্ন মঠ-মন্দিৰ, সত্ৰ-নামঘৰত । চ'ত-বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা এক বিশেষ স্থানলৈ ৰাওনা হয় অগণন লোক । কিয়নো সেই স্থানৰ আছে অনেক মাহাত্ম ।
ইতিহাস বিজড়িত পীঠস্থান পাৰ্বতী পাহাৰ । গৰু বিহুৰ দিনা পাৰ্বতী পাহাৰত উখল-মাখল পৰিৱেশ । মা পাৰ্বতীৰ আশিস বিচাৰি ভক্তৰ আগমন । হয়, দক্ষিণ কামৰূপৰ উল্লেখনীয় ইতিহাস প্ৰসিদ্ধ পীঠস্থান হ'ল বকো পাৰ্বতী পাহাৰৰ মা পাৰ্বতী দেৱীৰ মন্দিৰ । বকো চহৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত এই ঐতিহ্যমণ্ডিত পাৰ্বতী পাহাৰলৈ চ'ত-বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা সমাগম ঘটে লক্ষাধিক ভক্তৰ । সমতলৰ পৰা প্ৰায় ১৫০০ ফুট উচ্চতাত অৱস্থিত এই শক্তিপীঠলৈ বয় লানি নিছিগা সোঁত । চৌপাশ সেউজীয়া আভাৰে পৰিপূৰ্ণ লুংলুঙীয়া পথৰে পাহাৰ বগাই ভক্তপ্ৰাণ ৰাইজে বিচাৰি যায় মা পাৰ্বতীৰ আৰ্শীবাদ ।