ধুবুৰী, 2 অক্টোবৰ:আজি পবিত্ৰ মহালয়া ৷ দোলাত উঠি মৰ্ত্যলৈ আগমন দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুৱাৰ পৰাই দেখা গৈছে ব্যাপক জনসমাগম ৷ শংখনাদ, ঢাকৰ শব্দত মুখৰিত আকাশ-বতাহ ৷ চৌদিশে দেখা গৈছে শাৰদীয় উৎসৱৰ ব্যাপক উছাহ ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰে ধুবুৰীতো পুৱাৰে পৰা দেখা গৈছে মহালয়াৰ ব্যাপক উছাহ ৷
ধুবুৰীত মহালয়াৰ আছে এক সুকীয়া ইতিহাস আৰু পৰম্পৰা ৷ পুৱাই হাজাৰ হাজাৰ লোকে এক বিশাল শোভাযাত্ৰা উলিয়ায় ধুবুৰী চহৰত ৷ এটি সাংস্কৃতিক সংস্থাৰ উদ্যোগত নেতাই ধুবুনী পাৰ্কত নৃত্য প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । সকলোৰে মনত দেখা গৈছে উৎসৱৰ অপাৰ আনন্দ ৷ মহা আড়ম্বৰৰে উদযাপন কৰা হয় শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আগমনৰ এই মুহূৰ্ত ৷
এইবাৰ দেৱী দুৰ্গাৰ ধৰালৈ আগমন হৈছে দোলাত আৰু মা উভতি যাব ঘোঁৰাত ৷ ধুবুৰীৰ সমাজ কল্যাণ আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত দেৱীৰ আগমন উপলক্ষে ব্যাপক আয়োজন কৰা দেখা গৈছে ৷ পথসমুহ লোকাৰণ্য হৈ পৰিছে ৷ সকলোৱেই মা দুৰ্গাক আদৰিবলৈ সভক্তিৰে ওলাই আহিছে পুৱতি নিশাই ৷