গুৱাহাটী,২৯ মে':উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচল পাহাৰত । কিয়নো দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠাৰ ক্ষণ মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটিমান দিন বাকী । ইতিমধ্য়ে লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মাঁ কামাখ্যা ধাম কৰ্তৃপক্ষ । ঘোষণা হ'ল অম্বুবাচী মেলাৰ দিন । ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মাঁ কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা ।
২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ চেকেণ্ড অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিন ধৰি বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ । দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মাঁ কামাখ্যা ধাম । কামাখ্যা ধামত অনুষ্ঠিত হোৱা মহা অম্বুবাচী মেলাত প্ৰতিবছৰে আগমন ঘটে দেশ-বিদেশৰ লাখ লাখ সাধু-সন্ন্যাসী তথা ভক্তগণৰ ।
অম্বুবাচীৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচললৈ আগমন ঘটে বহু সাধু-সন্ন্যাসীৰ । প্ৰতিবর্ষৰ দৰে এইবর্ষও অম্বুবাচী উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটা লাখ লাখ ভক্ত তথা সাধু-সন্তক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষ । কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি অম্বুবাচীৰ আয়োজনক লৈ ইতিমধ্যে ৰাজ্যৰ পৰ্যটন বিভাগৰ সৈতে মন্দিৰ কৰ্তৃপক্ষৰ আলোচনা অনুষ্ঠিত হৈছে । এই বৈঠকত কামৰূপ জিলা প্ৰশাসনৰ লগতে, অন্যান্য বিভাগ সমূহৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।