বৰপেটা, ৫ মে’ : ৰাজ্যজুৰি নিৰ্বাচনী গৰম বতাহ ৷ অহা 7 মে’ত ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা দেওবাৰে বৰপেটাত বৃহৎ সমদলেৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা চলায় চিপিআইএম দলে ।
বৰপেটাৰ জিলা কাৰ্যালয়ৰ পৰা দলটোৱে সমদল উলিয়াই সমগ্ৰ বৰপেটা চহৰ পৰিভ্ৰমণ কৰে । গীত-মাত, শ্ল’গানেৰে মুখৰিত এই সমদলৰ মাজতে প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কয় যে সমষ্টিটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ পৰা তেওঁ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ।
ইফালে কংগ্ৰেছ আৰু অসম গণ পৰিষদক তালুকদাৰে সমালোচনা কৰি কয় যে দল দুটাৰ প্ৰচাৰৰ ক্ষেত্ৰত জনগাঁঠনিৰ ভিত্তিত সীমাৱদ্ধতা আছে ৷ চিপিএমৰ ক্ষেত্ৰত তেনে অসুবিধা নাই । তেওঁলোকে সকলো সম্প্ৰদায়ৰ লোকৰ মাজলৈ গৈ প্ৰচাৰ কৰিছে আৰু সঁহাৰিও লাভ কৰিবলৈ সক্ষম হৈছে । সেই সূত্ৰে তেওঁ বিজয় নিশ্চিত বুলি দাবী কৰে ।