অসম

assam

ETV Bharat / state

চাৰিশ কোটিটকীয়া কমাৰবন্ধা আলিৰ নিৰ্মাণকাৰ্য আধৰুৱা : ৰাইজে ভূগিছে যমৰ যাতনা - CORRUPTION IN ROAD CONSTRUCTION

Jorhat PWD Department : যোৰহাটত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ ৷ যি পথ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে প্ৰায় 400 কোটি টকা ৷ চাওক সবিশেষ খবৰ...

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 9:54 PM IST

Jorhat PWD Departmen
চাৰিশ কোটিটকীয়া কমাৰবন্ধা আলিৰ নিৰ্মাণ কাৰ্য আধৰুৱা (ETV Bharat Assam)

যোৰহাট, 18 জুলাই: সততেই উন্নয়নৰ জয়গান গোৱা আৰু দুৰ্নীতি বিৰোধী শ্ল’গান দিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ দায়িত্বতে থকা লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ নামত যোৰহাটত ব্যাপক অনিয়ম তথা দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ ৷

লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ ৰাইজ (ETV Bharat Assam)

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ-পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ বণিয়া, সাধাৰণ সম্পাদক বিনোদ বণিয়া স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক তথা আঞ্চলিক সমিতিখনৰ উপদেষ্টা প্ৰাঞ্জল দাসে কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ দুৰ্নীতিবিৰোধী শ্ল’গান কেৱল টেলিভিছনৰ পৰ্দা আৰু খবৰ কাকতৰ পাততেই সীমাবদ্ধ ৷

চাৰিশ কোটিটকীয়া কমাৰবন্ধা আলিৰ নিৰ্মাণ কাৰ্য আধৰুৱা (ETV Bharat Assam)

বিগত সময়ত জিলাখনৰ চৰাইবাহী, ধলাজান, চুঙিকে ধৰি বৃহত্তৰ দক্ষিণ-পশ্চিম যোৰহাট অঞ্চলৰ সৈতে যোগাযোগৰ একমাত্ৰ মূলপথ কমাৰবন্ধা পথটো নিৰ্মাণৰ বাবে যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা প্ৰতিবাদী কাৰ্যসূচীৰ ফলশ্ৰুতিত প্ৰায় চাৰিশ কোটিৰো অধিক পুঁজি ব্যয়সাপেক্ষে পথটো পুনৰ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছিল ৷ কিন্তু পৰিতাপৰ কথা এই যে, বৃহৎসংখ্যক পুঁজি নিৰ্ধাৰণৰে প্ৰায় চাৰিজন ঠিকাদাৰক অৰ্পণ কৰা হৈছিল পথটিৰ নিৰ্মাণৰ দায়িত্ব ৷ পিছে 2021 চনতে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা পথটিৰ নিৰ্মাণকাৰ্য আজিও সম্পূৰ্ণ হৈ নুঠিল ৷

দীৰ্ঘদিনৰে পৰা এই অৱস্থা (ETV Bharat Assam)

তদুপৰি ৰৰৈয়াৰ পৰা কমাৰবন্ধা পৰ্যন্ত প্ৰায় 16 কিল’মিটাৰ পথ ঠিকাদাৰৰ মইমতালিৰ বাবে মৰণফান্দতহে পৰিণত হ’ল ৷ বিশেষকৈ এই পথছোৱাৰ বৰপথাৰ অংশটো বাদ দি বাকী প্ৰায়খিনি অংশই আজি বছৰ বছৰ ধৰি মাটি পেলাই অৰ্ধনিৰ্মিত কৰি পেলাই থোৱা দেখা গ’ল ৷ যাৰ ফলত পথটোত সৃষ্টি হৈছে পুখুৰীসদৃশ বৃহৎ বৃহৎ গাঁত ৷

উল্লেখ্য যে, ৰৰৈয়া বিমানকোঠ, ভাৰতীয় সেনাবাহিনী, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান, উচ্চ শিক্ষানুষ্ঠান তথা আন বহুকেইখন বিদ্যালয়লৈও অহা-যোৱা কৰা মূল পথটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা কেইবাজনো ঠিকাদাৰে আধাৰুৱাকৈ কাম কৰি আঁতৰি যোৱা বুলিও স্থানীয় লোকে তুলিছে অভিযোগ ৷ কিন্তু ইয়াৰ পাচতো নিৰ্লিপ্ত হৈ আছে লোক নিৰ্মাণ বিভাগ ৷

পথটিৰ নিৰ্মাণত সংঘটিত আঁসোৱাহ বা লেহেমীয়া গতিৰ সন্দৰ্ভত যদিহে বিভাগীয় কৰ্তৃপক্ষক প্ৰশ্ন কৰা যায়, তেন্তে দায়িত্বত থকা এগৰাকী কনিষ্ঠ অভিযন্তাই গা এৰা মন্তব্য প্ৰদান কৰাৰ লগতে জনৈক শৰ্মা উপাধিৰ এজন মহৰীয়ে ৰাইজক দুৰ্বব্যহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

বিশেষকৈ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ পদুলিমুখৰ পথটি আজি বছৰ বছৰ ধৰি এনেকৈ পৰি থকাৰ পাচতো বিধায়কজনৰ নীৰৱ ভূমিকাই সৃষ্টি কৰিছে ৰহস্যৰ ৷ বহু দাবী-প্ৰতিবাদৰ পাচত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা পথটোৰ ক্ষেত্ৰত হোৱা ত্ৰুটি তথা অৱহেলাৰ বাবে ৰাইজৰ সহযোগত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিভাগীয় কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক:Corruption in road construction : আমগুৰিত বখলা-বখলে এৰিছে চাংমাই কোঁৱৰ গাঁও পথ, ৰাইজৰ প্ৰতিবাদত আধাতে এৰিলে নিৰ্মাণ কাম

ABOUT THE AUTHOR

...view details