ধেমাজি :সাধাৰণতে কোৱা হয় অসমৰ খেতিয়কে বছৰত এটা খেতি কৰিয়ে ৮-৯ মাহলৈ কৃষিভূমি চন পেলাই থয় । যাৰ বাবে কৃষিপ্ৰধান ৰাজ্য হ'লেও কৃষি উৎপাদনত এতিয়াও আশা কৰা ধৰণে স্বাৱলম্বী হ'ব পৰা নাই ৰাজ্যখন । কিন্তু শেহতীয়াভাৱে এই ছবিখনৰ কিছু পৰিৱৰ্তন হৈছে । চৰকাৰী পৃষ্ঠপোষকতাতে হওক বা ব্যক্তিগত উদ্যোগ, এতিয়া বছৰৰ প্ৰায়খিনি সময়ে কৃষিভূমিক ব্যৱহাৰ কৰিবলৈ লৈছে কৃষকসকলে ।
বিশেষকৈ নৈপৰীয়া অঞ্চলবোৰত ৰবিশস্যৰ এক বৃহৎ সম্ভাৱনা আছে । অৱশ্যে পৰম্পৰাগতভাৱে নৈপৰীয়া চৰ-চাপৰিত মাহ, সৰিয়হ, আলু, পিয়াঁজ, নহৰু আদিৰ শস্যৰ খেতি কৰি অহা হৈছে । তেনে এক অঞ্চলে হৈছে ধেমাজিৰ কঢ়ানৈৰ পাৰৰ চৰ অঞ্চল । শালি খেতি ভঁৰাললৈ চপোৱাৰ পিছত এতিয়া ৰবিশস্য চপোৱাৰ বতৰ ৷
ধেমাজি জিলাৰ মাছখোৱাত কঢ়া নদীৰ পাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ ৷ সপোন বুটলাৰ আনন্দত পৰিয়ালৰ সদস্যৰ মুখত বিৰিঙিছে হাঁহি ৷ বৃহত্তৰ অঞ্চলটোৰ কেচেৰুগুৰি গাঁৱৰ ৰমণী শইকীয়া, সঞ্জীৱ শইকীয়া, দেৱেশ্বৰ শইকীয়া, পদ্মেশ্বৰ শইকীয়া আদিৰ পৰিয়াল ব্যস্ত হৈ পৰিছে মাহ চপোৱাত ৷