অসম

assam

ETV Bharat / state

অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ শংকা নাথাকিব : অৰিন্দম বৰকটকী - Classical Language Assamese

Classical status to Assamese language: ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাত ভাষাটোৰ ভৱিষ্যতক লৈ কিয় শংকা নাথাকিব ?

By ETV Bharat Assamese Team

Published : 4 hours ago

CLASSICAL STATUS TO ASSAMESE
সাহিত্যক ,সমালোচক অৰিন্দম বৰকটকী (ETV Bharat Assam)

নগাঁও, ৪ অক্টোবৰ: অসমীয়া ভাষা-সাহিত্যৰ বাবে ঐতিহাসিক দিনৰূপে চিহ্নিত হৈ ৰ’ব ৩ অক্টোবৰ ৷ কাৰণ এই দিনটোতেই অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা ৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে এক ঐতিহাসিক ক্ষণত অসমীয়া ভাষাক প্ৰদান কৰিলে এই স্বীকৃতি । অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদান সন্দৰ্ভত কি কয় সাহিত্যক,সমালোচক অৰিন্দম বৰকটকীয়ে ?

  • সাংবিধানিক স্বীকৃতি প্ৰদান

অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰাৰ পাছতেই স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া । নিজৰ মাতৃভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছতেই ই টিভি ভাৰতৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট সাহিত্যিক, সমালোচক ড৹ অৰিন্দম বৰকটকীয়ে কয়," যি সময়ত অসমীয়া জাতি বা ভাষাৰ ভৱিষ্য়তক লৈ সন্দেহ প্ৰকাশ কৰিছিলো সেই সময়ত কেন্দ্ৰীয় চৰকাৰে আমাক এয়া প্ৰদান কৰাটো সাংবিধানিক স্বীকৃতি প্ৰদান কৰাৰ দৰে কথা । ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত এতিয়া অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ শংকিত হোৱাৰ বিশেষ কোনো কাৰণ নাথাকিব ।"

সাহিত্যক ,সমালোচক অৰিন্দম বৰকটকী (ETV Bharat Assam)
  • চৰকাৰী পুঁজিসমূহ মুকলি হ'ব

অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাত এতিয়া ভাষাটোৱে সাংবিধানিক সুৰক্ষা লাভ কৰিব বুলি উল্লেখ কৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো অসমীয়া ভাষা অন্তৰ্ভুক্ত হ'ব বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । বিশিষ্ট সাহিত্যিক, সমালোচকগৰাকীয়ে পুনৰ কয়," আনকি প্ৰযুক্তিৰ যুগতো অসমীয়া ভাষাই সময়ৰ সৈতে আগুৱাই যোৱাটো ধ্ৰুপদী মৰ্যাদা সহায়ক হ'ব । এই ভাষাৰ অধ্য়য়নৰ বাবে চৰকাৰী পুঁজিসমূহ মুকলি হ'ব ।" আন্তৰ্জাতিক পৰ্যায়ত বঁটা প্ৰদান আদিৰো সুযোগ লাভ কৰিব বুলি মন্তব্য় কৰে বিশিষ্ট সাহিত্যিক তথা সমালোচকগৰাকীয়ে ।

লগতে পঢ়ক:মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language

ধ্ৰুপদীৰ স্বীকৃতিয়ে কি পৰিবৰ্তন আনিব ভাষালৈ ? - CLASSICAL STATUS TO ASSAMESE

ABOUT THE AUTHOR

...view details