কলিয়াবৰ, ৯ অক্টোবৰ :অষ্টম শতিকাত শালস্তম্ভ ৰজাৰ দিনত স্থাপন হৈছিল কলিয়াবৰৰ হাতীমূৰা শ্ৰীশ্ৰীমহিষমৰ্দিনী দশভূজা দুৰ্গা মন্দিৰ । এই ঐতিহাসিক মন্দিৰটো পৰৱৰ্তী কালত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি ১৭৪৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশত গদাধৰ তৰুণ দুৱাৰা বৰফুকনে হাতীমূৰা পাহাৰৰ থিয় মূৰ্তিত দশভূজা দুৰ্গাৰ মন্দিৰ নিৰ্মাণ কৰিছিল । এই মন্দিৰৰ দেৱীৰ প্ৰতিকৃতি শিলত খোদিত আছে ।
অৱশ্যে বৰ্তমান এই মন্দিৰত বলি-বিধান ব্যৱস্থা নাই । হাতীৰ মূৰৰ দৰে শিলটোত প্ৰমত্ত সিংহই দশভূজা দুৰ্গা মন্দিৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ দিন ধৰি এই পাহাৰ তথা অঞ্চলটোৰ নাম হাতীমূৰা বুলি খ্যাত হ'ল । কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে প্ৰাকৃতিক মনোমোহা ঠাই হাতীমূৰাত প্ৰতিষ্ঠিত মহিষমৰ্দিনী দুৰ্গা মন্দিৰত মহাষষ্ঠী পূজাৰ আয়োজনেৰে আজিৰে আৰম্ভ হৈছে দেৱী পূজা ।
শালস্তম্ভ যুগৰ কলিয়াবৰৰ লুইতৰ পাৰৰ হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ উন্নয়নৰ বাবে তদানীন্তন প্ৰত্নতত্ত্ব আৰু স্থাপত্য মন্ত্ৰী কেশৱ মহন্ত তথা বিভাগৰ তিনি কোটি টকীয়া অভিলাষী আঁচনিৰে পৰ্যটনৰ আকৰ্ষণীয় স্থলৰূপে গঢ় দিয়াৰ প্ৰয়াস কৰিছিল । কিন্তু এই আঁচনিৰ সুফল কলিয়াবৰৰ পৰ্যটনৰ উন্নয়নত প্ৰভাৱ পেলাব পৰা নাই ।
লুইতৰ পাৰত অৱস্থিত কলিয়াবৰৰ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰ অন্যতম ঐতিহাসিক এই দুৰ্গা মন্দিৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ এই উৎসৱৰ সময়ে উপযুক্ত সময় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাতিদূৰৈৰ হাতীমূৰা মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ লগতে আন-আন ধৰ্মীয় সমলসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়ভাৱে গঢ়ি তুলিবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে ।
ব্ৰহ্মপুত্ৰৰ পাৰত হাতীমূৰা পাহাৰ
দূৰৈৰ পৰা হাতীৰ মূৰৰ দৰে দেখি বাবে ইয়াৰ নাম হাতীমূৰা পাহাৰ। এই পাহাৰতে অষ্টম-নৱম শতিকাত দুৰ্গাৰ মূৰ্তিটো এটা মূৰ সদৃশ শিলত কটাইছিল বাবেও ই হাতীমূৰীয়া দুৰ্গা মন্দিৰ নামে জনাজাত । উক্ত মন্দিৰ ধ্বংস হোৱাত আহোম যুগত প্ৰমত্তসিংহই পুনৰ নিৰ্মাণ কৰি এখন শিলালিপি কটাই দিয়ে । কথিত আছে যে এই ঠাইখণ্ডতে মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আহোমৰ দিনত এটা কোঠ আছিল । তাত চলা বৰগোহাঞি সেনাপতি আছিল ।