অসম

assam

ETV Bharat / state

গুৱাহাটীৰ বজাৰত লক্ষ্মী পূজাৰ সামগ্ৰীৰ পয়োভৰ

লক্ষ্মীৰ আৰাধনাৰে মুখৰিত সমগ্ৰ ৰাজ্য । লক্ষ্মী পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ । ব্যতিক্ৰম নহয় গুৱাহাটীৰ বজাৰসমূহো ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Laxmi Puja 2024, Laxmi Puja products in Guwahati market
মহানগৰীৰ বজাৰত লক্ষ্মীৰ পূজাৰ সামগ্ৰীৰ পয়োভৰ (ETV Bharat Assam)

গুৱাহাটী,১৬ অক্টোবৰ: আজি লক্ষ্মী পূজা । ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ আৰধনাৰে মুখৰ সমগ্ৰ ৰাজ্য । মা লক্ষ্মীক আদৰিবলৈ সাজু হৈছে সকলো । পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ ৷ ৰাজ্যৰ লক্ষ্মী মন্দিৰসমূহৰ লগতে আন স্থানসমূহতো মা লক্ষ্মীৰ পূজাৰ আয়োজন কৰা হৈছে ।

ৰাজ্যৰ প্ৰায়বোৰ লক্ষ্মী মন্দিৰ ন-ৰূপেৰে সজাই তোলা হৈছে । আহিন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধর্মালম্বী লোকসকলে মা লক্ষ্মীক আৰাধনা কৰে আৰু মা লক্ষ্মীৰ আশীৰ্বাদত বছৰটো যাতে ধনে-ধানে ঘৰখন উপচি পৰে তাৰ বাবে আশিস লয় ।

মহানগৰীৰ বজাৰত লক্ষ্মীৰ পূজাৰ সামগ্ৰীৰ পয়োভৰ (ETV Bharat Assam)

কালপুৰুষ পঞ্জিকা অনুসৰি লক্ষ্মী পূৰ্ণিমাৰ তিথি বুধবাৰে সন্ধিয়া ৭:৪১:১৫ বজাত আৰম্ভ হ'ব আৰু বৃহস্পতিবাৰে সন্ধিয়া ৫:১৬:১৫ বজাত অন্ত পৰিব । পূর্ণিমা তিথিত ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মীক আৰাধনা কৰা হয় । লক্ষ্মী পূজা উপলক্ষে ৰাজ্যৰ বজাৰসমূহ পূজাৰ প্রয়োজনীয় সামগ্ৰীৰে ভৰি পৰিছে । সমান্তৰালকৈ দেৱী লক্ষ্মীৰ প্ৰতিমা, লক্ষ্মী পাঁচালী, লক্ষ্মীৰ প্ৰতীকী চৰণ যুগল, নানাৰঙী আল্পনা, ধানৰ মুঠি, পদুম ফুল, আম ডালি, কলপুলি আদিৰে ভৰি পৰিছে বজাৰ ।

ৰাজ্যৰ বজাৰসমূহৰ লগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ, ফাঁচি বজাৰ, শিলপুখুৰী, গণেশগুৰি, বেলতলা আদি বজাৰত ৰঙিয়া, হাজো, নলবাৰী, বাইহাটা চাৰিআলি আদিৰ থলুৱা ব্যৱসায়ীয়ে পূজাৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ভিৰ কৰা পৰিলক্ষিত হৈছে । পূৰ্বতকৈ সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে যদিও দেৱী লক্ষ্মীক নিজৰ সাধ্যানুসৰি আদৰিবলৈ সকলোৱে সাজু হৈছে । ৰাজ্যৰ প্রান্তে প্রান্তে দুই তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক:কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমৰ কৃষক সমাজত ইয়াৰ তাৎপৰ্য

এক স্পৰ্শকাতৰ কিন্তু প্ৰাসংগিক বিষয়ক লৈ ছবিগৃহলৈ আহি আছে সুন্দৰপুৰ কেঅছ, আপুনি চাবলৈ সাজু নে ?

ABOUT THE AUTHOR

...view details