মৰাণ/তেজপুৰ:ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ ৷ আৰক্ষী-প্ৰশাসন কঠোৰ হোৱা সত্বেও ৰাজ্যত হ্ৰাস হোৱা নাই ড্ৰাগছৰ প্ৰচলন ৷ চৰাইদেউ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছে আৰু ইয়াৰ পাচতো জিলাখনত ড্ৰাগছৰ সৰবৰাহ বন্ধ হোৱা নাই । বৃহস্পতিবাৰৰ আবেলি চৰাইদেউত আৰক্ষী-চি আৰ পি এফৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
আৰক্ষী-চি আৰ পি এফে এক গোপন তথ্যৰ ভিত্তিত সোণাৰিৰ পুৰণি টাউকাকৰ ছমিৰ আহমেদ নামৰ ব্যক্তিজনৰ বাসগৃহত যুতীয়া অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । 10 টা চাবোনৰ বাকচত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
আৰক্ষীয়ে 398 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেবালাখ হ'ব বুলি আৰক্ষীয়ে জনায় । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অপৰাধত দুগৰাকী মহিলাৰ লগতে ছমিৰ আহমেদক আটক কৰিছে ।