বৰপেটা, ২৩ ফেব্ৰুৱাৰী : শুকুৰবাৰৰ পৰা বৰপেটা জিলাত আৰম্ভ কৰা হয় দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ পট্টা প্ৰদান প্ৰক্ৰিয়া । এই উপলক্ষে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয় সভাগৃহত আয়োজিত এক অনুষ্ঠানত পট্টা প্ৰদান কাৰ্যসূচীৰ আৰম্ভণি কৰে জিলা আয়ুক্ত আয়ুষ গাৰ্গে । জিলা আয়ুক্তগৰাকীয়ে এই অনুষ্ঠানত প্ৰতীকি ৰূপত পাঁচগৰাকী হিতাধিকাৰীৰ হাতত মাটিৰ পট্টা তুলি দিয়ে ।
উল্লেখ্য যে, বৰপেটা জিলাত দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত প্ৰায় ৩৫ হাজাৰ আবেদন দাখিল হৈছিল । তাৰে ৮২ খন আবেদন পট্টাৰ বাবে উপযুক্ত হিচাপে বিবেচিত হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত আয়ুষ গাৰ্গে কয় যে অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে ইতিমধ্যে হেজাৰ হেজাৰ পৰিয়ালক চিৰদিনলৈ উপকৃত কৰিছে । কাৰণ এইখন আঁচনিৰ জৰিয়তে ইমান দিনে বিভিন্ন কাৰণত নিজৰ বাবে এটুকুৰা মাটি নথকা পৰিয়াল বোৰে নিজৰ নামত মাটি পাবলৈ সক্ষম হৈছে ।