অসম

assam

ETV Bharat / state

লখিমপুৰত পুনৰ পদুম ফুলিলেও সন্তুষ্ট নহয় প্ৰদান বৰুৱা - lok sabha election results 2024

Pradan Barua React on His Victory : লখিমপুৰ লোকসভা সমষ্টিৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই । নিকটতম প্ৰতিদ্বন্দ্বী কংগ্রেছৰ প্ৰাৰ্থীক পৰাভূত কৰি বিজয় সাব্যস্ত কৰিলেও কিন্তু সন্তুষ্ট নহয় প্ৰদান বৰুৱা । আশাকৰা ধৰণে ভোট নোপোৱাৰ খেদ প্ৰদান বৰুৱাৰ ।

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:47 PM IST

Pradan Barua React on His Victory
নিৰ্বাচনত জয়লাভৰ পিচত কি ক'লে প্ৰদান বৰুৱাই (ETV Bharat Assam)

লখিমপুৰ, ৪ জুন :তৃতীয়বাৰৰ বাবে লখিমপুৰ লোকসভা সমষ্টিত ফুলিল পদুম । একেৰাহে তৃতীয়বাৰৰ বাবে ১২ নং লখিমপুৰ লোকসভা সমষ্টিত জয়ী হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী । বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্রেছৰ উদয় শংকৰ হাজৰিকাক পৰাভূত কৰি সমষ্টিটো দখল কৰে ।

লোকসভা নিৰ্বাচনত জয়লাভৰ পিচত প্ৰদান বৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ক'ত কিমান ভোট পালে প্ৰদান বৰুৱাই

উল্লেখ্য, লখিমপুৰ জিলাত থকা চাৰিটা সমষ্টিৰ নৱগঠিত ৭৪ নং ৰঙানদী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ৭০ হেজাৰ ৯৯টা ভোট লাভ কৰে । ইয়াৰ বিপৰীতে কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই লাভ কৰে ৬২ হেজাৰ ৬৪১ টা ভোট । তেনেদৰে ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত প্ৰদান বৰুৱাৰ ৬৫ হেজাৰ ৩০ টা ভোটৰ বিপৰীতে উদয় শংকৰ হাজৰিকাই ৫৬ হেজাৰ ৫৪৮ টা, ৭৫ নং নাওবৈচা সমষ্টিত প্ৰদান বৰুৱাৰ ৬০ হেজাৰ ৯৭৬ টাৰ বিপৰীতে উদয় শংকৰ হাজৰিকাই ৬৮ হেজাৰ ৬৮৮ টা ভোট লাভ কৰে ।

লগতে পঢ়ক :গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী - Lok Sabha Election Results 2024

আনহাতে, ঢকুৱাখনা সমষ্টিত প্ৰদান বৰুৱাই ৬৭ হেজাৰ ১৭ টা আৰু উদয় শংকৰ হাজৰিকাই ৪৯ হেজাৰ ৭১৩ টা ভোট লাভ কৰে । প্ৰদান বৰুৱাই পোষ্টেল বেলটৰ ভোট লাভ কৰে ৩ হেজাৰ ৮১৫ টা । ইয়াৰ বিপৰীতে উদয় শংকৰ হাজৰিকাই লাভ কৰে ৩ হেজাৰ ১৪৬ টা । পোষ্টেল বেলটসহ এই চাৰি সমষ্টিত প্ৰদান বৰুৱাই লাভ কৰে মুঠ ২ লাখ ৬৭ হেজাৰ ৯৩৭ টা ভোট । আনহাতে, উদয় শংকৰ হাজৰিকাই লাভ কৰে ২ লাখ ৪০ হেজাৰ ৭৩৫ টা ভোট । ব্যৱধান হৈছে ২৭ হেজাৰ ২০২ টা ভোট ।

জয়ী হ'লেও কিয় সন্তুষ্ট নহয় প্ৰদান বৰুৱা

ইফালে বিজয়ী প্ৰাৰ্থী প্ৰদান বৰুৱাই ফলাফল সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি সাংবাদিকৰ আগত কয়, "ফলাফল ভাল হ'লেও আশাকৰা ধৰণে নহ'ল ।" দলৰ নাম নল'লেও কংগ্রেছলৈ কিছু ভোট যোৱা বুলি উল্লেখ কৰি তেওঁ এই সকলো দিশ দলৰ মজিয়াত পৰ্যালোচনা কৰি ভবিষ্যত পন্থা নিৰূপণ কৰা হ'ব বুলি কয় । চৰকাৰৰ দহ বছৰীয়া কাৰ্যসূচী, দলীয় সাংগঠনিক কামকাজৰ বাবে এই সফলতা লাভ কৰা বুলি সন্তুষ্টি ব্যক্ত কৰে প্ৰদান বৰুৱাই । আনহাতে, চৰকাৰী কেতবোৰ আঁচনি এতিয়াও এশ শতাংশ ৰূপায়ণ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ আগন্তুক সময়ত সেইখিনি পূৰণ কৰাৰ ব্যবস্থা কৰিব বুলিও কয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details