অসম

assam

নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী - Lack of teachers IN GOVT SCHOOL

By ETV Bharat Assamese Team

Published : May 19, 2024, 12:21 PM IST

Lack of teachers in school : তিনিজনীয়া শিক্ষকৰ দ্বাৰা চলিছে এখন চৰকাৰী বিদ্যালয়ৰ 8 টাকৈ শ্ৰেণী । পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী । গুৰুত্ব নাই ৰাজ্যৰ শিক্ষা বিভাগৰ । ক্ষোভ প্ৰকাশ স্থানীয় লোকৰ ৷

Local people and teacher demand teacher recruitment in Islampur MV school hojai
নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী (Etv bharat assam)

নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী (Etv bharat assam)

হোজাই, 19 মে’ :ৰাজ্য চৰকাৰখনে ৰাজ্যৰ শিক্ষা বিভাগলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনা বুলি দাবী কৰি অহাৰ সময়তেঅসম চৰকাৰৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাইছে হোজাই জিলাত অৱস্থিত এখন চৰকাৰী বিদ্যালয়ে ৷ শ্ৰেণীকোঠা আছে, শিক্ষাৰ্থীও আছে ৷ তাৰ পাচতো চৰকাৰী এখন বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ অভাৱে সমস্যাত পেলাইছে শিক্ষাৰ্থীসকলক ৷

হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ভিতৰুৱা অঞ্চল 2 নং চাৰ্কেবস্তী অঞ্চলত অৱস্থিত উক্ত বিদ্যালয়খন হ’ল ইছলামপুৰ প্ৰাথমিক বিদ্যালয় । 2004 চনতেই স্থাপন হৈছিল ইছলামপুৰ প্ৰাথমিক বিদ্যালয়খন । পৰৱৰ্তী সময়ত 2014 চনত বিদ্যালয়খনক উন্নীতকৰণ কৰা হৈছিল মধ্য ইংৰাজী বিদ্যালয়লৈ ।

বিদ্যালয়খনত নতুনকৈ সংযোগ কৰা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদানবোৰ 2018 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল । তাৰ পিচতেই বিদ্যালয়খন নামাকৰণ কৰা হৈছিল ইছলামপুৰ মধ্য অসমীয়া বিদ্যালয় নামেৰে । কিন্তু তেতিয়াৰ পৰা বৰ্তমানলৈকে বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে মাত্ৰ তিনিজন শিক্ষকে চলাই আছে তথা শিক্ষাৰ্থীসকলক পাঠদান কৰি আছে ।

নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী (Etv bharat assam)

দুৰ্ভাগ্যজনক বিষয় যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দ্বাৰাই চলি আছে মধ্য অসমীয়া বিদ্যালয়খন । শিক্ষক তথা স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰাইছে যদিও বৰ্তমানলৈকে ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ফলত পাঠদানৰ পৰা বঞ্চিত হৈ আছে সীমামূৰীয়া ভিতৰুৱা অঞ্চলত বাস কৰা তথা বিদ্যালয়খনৰ শিক্ষাৰ্থী ।

অসম চৰকাৰৰ শিক্ষা বিভাগক এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজ তথা শিক্ষকসকলে ।

লগতে পঢ়ক:বিদ্যালয় আছে শিক্ষক নাই, অনুষ্ঠিত নহ'ল পৰীক্ষা

ABOUT THE AUTHOR

...view details