যোৰহাট, ৭ মে’:পুনৰ প্ৰাপ্য়ৰ দাবীত উত্তাল হ'ল যোৰহাট জিলাৰ মৰিয়নীৰ হোলোংগুৰি চাহ বাগিচা় । আজি পেটৰ ভোক সহ্য কৰিব নোৱাৰি বাগিচা়ৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । এই শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰি কয় যে বাগিচা কৰ্তৃপক্ষই তেওঁলোকক দীৰ্ঘদিন ধৰি প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰি আহিছে ।
এই প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে সততে চাহ শ্ৰমিকৰ উন্নতি হোৱাৰ ভুৱা প্ৰতিশ্ৰুতি আৰু শ্লোগান দিয়া নেতা-মন্ত্ৰী তথা শ্ৰমিক নেতাসকলৰ যেন কোনো দৃষ্টি পৰা নাই এইসকল শ্ৰমিকৰ ওপৰত । চাহ শ্ৰমিকে খাইছে নে নাই আৰু কেনেকৈ আছে জীয়াই আছে তালৈ নাই কোনো ভ্ৰুক্ষেপ ৷
উল্লেখ্য় যে ভাৰত চৰকাৰৰ অধীনত থকা মৰিয়নী হোলোংগুৰি চাহ বাগিচা়ৰ শ শ শ্ৰমিকৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰা হৈছে ৷ তেওঁলোকে বাগিচাত শ্ৰমদান কৰাৰ বিনিময়ত পোৱা মজুৰি তথা প্ৰাপ্যৰ কাৰণে কৰিবলগীয়া হৈছে প্ৰতিবাদ ৷ তেওঁলোকে বেতনৰ লগতে ৰেচন, চিকিৎসাৰ উপৰি অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷