গুৱাহাটী, ২৮ ছেপ্টেম্বৰ :পৰীক্ষাৰ্থীক তালাচীৰ নামত চলোৱা আতিশয্য আৰু প্রশ্নকাকত আনিবলৈ নিদিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিচতে এই সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে । পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, এডমিট কার্ড, বৈধ পৰিচয়ৰ লগতে তালাচী অবিহনে কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।
প্ৰাৰ্থীসকলক আৰক্ষী বা কৰ্তৃত্বশীল বিষয়াৰ জৰিয়তে নিয়মীয়া তালাচীৰ লগতে মেটেল ডিটেক্টৰৰ জৰিয়তে পৰীক্ষা কৰা হ'ব । যদি কোনো প্রার্থী আপত্তিজনক তালাচীৰ সন্মুখীন হয়, তেন্তে সংশ্লিষ্ট প্রার্থীজনে লগে লগে সমগ্র বিষয়টো কেন্দ্ৰৰ তত্ত্বাৱধায়কক অৱগত কৰিব পাৰিব ।
তদুপৰি দ্ৰুত তালাচীৰ স্বাৰ্থত প্ৰাৰ্থীসকলক হাফ চোলা আৰু জোতাৰ পৰিৱৰ্তে চেণ্ডেল পিন্ধি আহিবলৈ পৰামৰ্শ দিয়া হৈছে । নির্দেশনা অনুসৰি, পৰীক্ষা অন্ত পৰাৰ পিচত প্ৰাৰ্থীসকলক তেওঁলোকৰ প্রশ্নকাকতখন লৈ যোৱাৰ অনুমতি প্ৰদান কৰা হ'ব ।
পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিচত নিৰীক্ষকসকলে প্রথমে অ’ এম আৰ শ্বীটসমূহ সংগ্ৰহ কৰিব । এই সময়ছোৱাত প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অতিৰিক্ত পাঁচ মিনিটৰ বাবে বহি থাকিব লাগিব । যেতিয়াই নিৰীক্ষকে সংগ্ৰহ কৰা অ' এম আৰ শ্বীটসমূহৰ সঠিক হিচাপ গণ্য কৰিব, তেতিয়াই প্ৰাৰ্থীসকলে প্ৰশ্নকাকতসহ পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই যাব পাৰিব । নিৰ্দেশনাৰ জৰিয়তে প্ৰাৰ্থীসকলক উত্তৰ লিখাৰ পূৰ্বে অ' এম আৰ শ্বীটত উল্লেখ থকা ৰোল নম্বৰ সঠিকভাৱে পৰীক্ষা কৰিবলৈ কোৱা হৈছে ।
উল্লেখ্য যে অহা ২৯ ছেপ্টেম্বৰৰ আগবেলা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু পিচবেলা ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মেট্রিক পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব ।
এ ডি আৰ ই পৰীক্ষা সন্দৰ্ভত জাৰি কৰা নীতি-নির্দেশনাসমূহৰ সবিশেষ
- প্ৰাৰ্থীসকল কমেও ডেৰ ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব ।
- প্ৰাৰ্থীসকলে তালাচীৰ সন্মুখীন হ'ব লাগিব । পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ তালাচীৰ বাবে পৃথক পৃথককৈ থাকিব পুৰুষ-মহিলা আৰক্ষী । পুৰুষৰ তালাচী পুৰুষ আৰক্ষী আৰু মহিলাৰ তালাচী মহিলা আৰক্ষীৰ দ্বাৰা কৰা হ'ব ।
- তালাচীত নিযুক্ত সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে পৰীক্ষাৰ্থীৰ মৰ্যাদা আৰু সন্মান হানি নহয় । পৰীক্ষাৰ্থীৰ গোপনীয়তা আৰু সততাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব ।
- পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক হ’ব তালাচীৰ স্থান ।
- মহিলা পৰীক্ষাৰ্থীৰ সন্মান আৰু গোপনীয়তা ৰক্ষাৰ বাবে তালাচীৰ স্থান বিশেষ আঁৰ-বেৰৰ মাজত থাকিব ।
- প্ৰৱেশ পথতে পৰীক্ষা কেন্দ্ৰলৈ কি কি নিব পাৰিব বা নোৱাৰিব তাৰ স্পষ্ট নিৰ্দেশনা থাকিব ।
- তালাচীৰ সময়ত আৰক্ষীয়ে পৰীক্ষাৰ্থীক সুন্দৰভাৱে বুজাব লাগিব যে অসৎ উপায় ৰোধ কৰাৰ বাবে তালাচী নিৰাপত্তাৰ এক অংশ ।
- পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পকেট খালী কৰি সকলো সামগ্ৰী নিৰ্ধাৰিত স্থানত পৰিদৰ্শনৰ বাবে দিব লাগিব ।
- মহিলা প্ৰাৰ্থীৰ তালাচী অংগনৱাড়ী কৰ্মী-সহায়িকা বা আশাকৰ্মীৰ উপস্থিতিত মহিলা কনিষ্টবলে কৰিব ।
- প্ৰতিজন পৰীক্ষাৰ্থীক মেটেল ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰা হ’ব ।
- তালাচীৰ সময়ত পৰীক্ষাৰ্থীসকলে হাত ডাঙি তালাচী দিব লাগিব ।
- প্ৰট’কল অনুসৰি, কঁকাল, গোৰোহা, পকেট আদিৰ তালাচীৰ বাবে হাউলিব লাগিব পৰীক্ষাৰ্থীয়ে ।
- কাপোৰ, জোতা আদিত যাতে নিষিদ্ধ কোনো সামগ্ৰী নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব ।
- পৰীক্ষাৰ্থীক কেৱল ছেবা, টেষ্টিং এজেন্সী আৰু এছ এল আৰ চিয়ে অনুমতি দিয়া সামগ্ৰীহে নিবলৈ অনুমতি দিয়া হ’ব ।
- তালাচীৰ সময়ত সন্দেহ উপজিলে পৰীক্ষাৰ্থীক টুপি, জোতা-চেণ্ডেল, গহনা আদি খুলিবলৈ নিৰ্দেশ দিব পাৰে ।
- অনুমতি নথকা সামগ্ৰী পালে সেয়া লগে লগে জব্দ কৰা হ’ব ।
- কোনো ইলেকট্ৰ'নিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী লাভ কৰিলে পৰীক্ষাৰ প্ৰট'কল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
- তালাচী সম্পন্ন হোৱাৰ পিচত পৰীক্ষাৰ্থীক তেওঁলোকৰ যাৱতীয় সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ব ।
- তালাচীৰ স্থানত যাতে কোনো অনুমতি নথকা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব ।
- জব্দ কৰা সামগ্ৰীৰ এখন পঞ্জী থাকিব আৰু নিয়ম পালন নকৰা বা সন্দেহজনক আচৰণৰ যিকোনো ঘটনা প্ৰাৰ্থী অনুসৰি লিপিবদ্ধ কৰা হ’ব ।
- নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষৰ সৈতে ধাৰাবাহিক যোগাযোগ ৰক্ষা কৰা হ’ব ।
- যদি কোনো মহিলাই তালাচীৰ বাবে সন্মত নহয়, তেন্তে ততালিকে পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষ আৰু কেন্দ্ৰৰ দায়িত্বত থকাজনক জনাব লাগিব । কেন্দ্ৰৰ দায়িত্বত থকাজনে পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বাবে তালাচী যে প্ৰয়োজনীয় সেই কথা বুজাব । তাৰ পিচতো যদি পৰীক্ষাৰ্থীগৰাকী সন্মত নহয় তেন্তে তেওঁৰ স্বাক্ষৰৰ পিছত পৃথক ৰুমলৈ নিয়া হ’ব ।
- নিষিদ্ধ সামগ্ৰী জব্দ হ’লে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব ।
- তলাচীৰ সময়ত পৰীক্ষাৰ্থীৰ সন্মান, মৰ্যাদা বজাই ৰাখিব লাগিব । সকলো প্ৰাৰ্থীৰ প্ৰতি নিৰপেক্ষতা, স্বচ্ছতা, পেছাদাৰিত্ব আৰু সততাৰে তালাচী কৰাৰ নিৰ্দেশ দিয়া হৈছে ।
- যথাসম্ভৱ তালাচীৰ স্থানত চিচিটিভিৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাতে প্ৰয়োজনত ভিজুৱেল চাই সত্যতা নিৰূপণ কৰিব পাৰি ।
- মহিলাৰ তালাচীৰ ক্ষেত্ৰত চিচিটিভি ৰেকৰ্ডিং নিষিদ্ধ ।
- যথাসম্ভৱ মহিলাৰ তালাচী বুথৰ প্ৰৱেশ আৰু প্ৰস্থান পথত চিচিটিভিৰ ব্যৱস্থা কৰাৰ বাবে কোৱা হৈছে ।
- তালাচী সম্পৰ্কে প্ৰাৰ্থীয়ে আপত্তি দৰ্শাব পৰাকৈ প্ৰতিটো কেন্দ্ৰত এজন ভাৰপ্ৰাপ্ত বিষয়া থাকিব লাগিব । এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰক্ষী নাইবা আন চৰকাৰী বিভাগৰ লোক হ’ব লাগিব ।
- প্ৰাৰ্থীয়ে নিব লাগিব নীলা, ক'লা চিয়াঁহীৰ বল পেইন ।
- পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব ধন আৰু লেবেল নথকা পানী বটল ।
- পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয়-পত্ৰ । পৰিচয়-পত্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে নিব পাৰিব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্রাইভিং লাইচেঞ্চ নাইবা সঠিক পৰিচয়-পত্র ।
- ছেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট লৈ যাব লাগিব প্ৰাৰ্থীসকলে ।
- বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে নিব লাগিব প্রমাণ-পত্র ।
- পৰীক্ষাৰ পূৰ্বে অ' এম আৰ শ্বীটত নাম, ৰোল নম্বৰ পৰীক্ষা কৰিবলৈ আহ্বান ।
- এডমিট কার্ড অবিহনে প্ৰাৰ্থীক পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।
- প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ পিচত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব ।
প্ৰাৰ্থীৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা