গুৱাহাটী: ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনটোতে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত ৰাজ্যবাসীৰ সামগ্ৰিক কল্যাণ আৰু বিকাশৰ বাবে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য সিদ্ধান্তসমূহৰ ভিতৰত আছিল গ্ৰামোন্নয়ন আৰু যাতায়াত ব্যৱস্থাৰ বিকাশ, পাৰস্পৰিক বদলিকৰণৰ বাবে স্বাগত প'ৰ্টেল, প্ৰতিঘৰত বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিতকৰণ ।
‘স্বাগত সতীৰ্থ’ প'ৰ্টেল :
ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰাজ্যিক কৰ্মচাৰীৰ মাজত সুশৃংখলিত পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়াৰ বাবে ‘স্বাগত সতীৰ্থ' প'ৰ্টেলৰ জৰিয়তে সম্পাদন কৰাত আজিত কেবিনেটে অনুমোদন জনায় ।
গ্ৰামোন্নয়ন আৰু যাতায়াত ব্যৱস্থাৰ বিকাশ :
গ্রাম্য যাতায়াত আৰু আন্তঃগাঁথনিৰ বিকাশৰ লক্ষ্যৰে ২১০.৮ কোটি টকা ব্যয়সাপেক্ষে ১২খন জিলাৰ লোকক লাভান্বিত কৰি ১০৪টা প্ৰকল্পত কেবিনেটে অনুমোদন জনায় ।
লগতে পঢ়ক:নৱবৰ্ষৰ উপহাৰ; গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প