অসম

assam

ETV Bharat / state

৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন

মাজুলিতো উলহ-মালহেৰে উদযাপন কাতি বিহু । ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত আকাশ বন্তি প্ৰজ্জ্বলন কৰা হয় ।

By ETV Bharat Assamese Team

Published : 6 hours ago

KATI BIHU IN MAJULI
৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন (ETV Bharat Assam)

মাজুলী, ১৭ অক্টোবৰ: আজি অসমীয়াৰ বাপতি সাহোন কাতি বা কঙালী বিহু । সমগ্র ৰাজ্যৰ লগতে মাজুলিতো উলহ-মালহেৰে উদযাপন কৰা হৈছে কাতি বিহুটি । মাজুলীত কাতি বিহুক শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । ৰাসোৎসৱ, পালনামৰ দৰেই কাতি বিহু মুখ্য উৎসৱ মাজুলীৰ । কাতি বিহু উপলক্ষে মাজুলীৰ বিশেষ আকৰ্ষণ হৈছে আকাশ বন্তি ।

লগতে পঢ়ক:তুলসীৰ ভেটি সজাত ব্যস্ত গাঁৱৰ কণমানি; পৰম্পৰা অনুসৰি কাতি বিহু পালনত ব্যস্ত ৰাজ্যবাসী

ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত আকাশ বন্তি প্ৰজ্জ্বলন কৰা হয় । বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰা হয় । সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা আকাশ বন্তি প্ৰজ্জ্বলন কৰে । গোটেই কাতি মাহটোতে এই ২১ জোৰা আকাশ বন্তি প্ৰজ্জ্বলিত হৈ থাকিব মাজুলীত ।

৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন (ETV Bharat Assam)

সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন-বায়ন, ঢুলীয়া-খুলীয়া, ওজাপালি, নটুৱা সংকীৰ্ত্তন আদিৰ মাজেৰে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ, বৰপূজাৰী বয়োজ্যেষ্ঠ বৈষ্ণৱসকলে সন্ধিয়া ২১ যোৰ আকাশ বন্তি প্ৰজ্জ্বলন কৰে । আউনীআটী সত্ৰত পৰম্পৰাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰাৰ লগতে মাজুলীৰ ৩৫ খন সত্ৰৰ নিৰ্দিষ্ট পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰা হয় । মাজুলীৰ দক্ষিণপাট সত্ৰত ৭ যোৰা আৰু গড়মূৰ সত্ৰত ৩ যোৰা আকাশ বন্তি প্ৰজ্জ্বলন কৰা হয় ।

লগতে পঢ়ক:কাতি বিহুৰ গধূলি মাজুলীৰ আকাশ পোহৰাব আকাশ বন্তিয়ে

যদিওবা কাতি বিহু কঙালী তথাপিও সত্ৰসমূহত এই বিহুৰ ধৰ্মীয় আধ্যাত্মিকতা বেছি । কাতি মাহটো দামোদৰ মাহ, পূণ্যমাহ আৰু এই কাতি মাহত তুলসী ৰোপণ কৰিলে মানৱ জাতিৰ কল্যাণ সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্ধাৰ হয় বুলি বিশ্বাস আছে । তুলসী দৰ্শন মাত্ৰে পূণ্য হয়, স্পৰ্শ কৰিলে পাপ ক্ষয় হয় আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় । এই কথা পদ্মপুৰাণত উল্লেখ আছে । পৰম ব্ৰহ্মই হৈছে জ্যোতি, এই জ্যোতি প্ৰজ্জ্বলন কৰি আদি ব্যাধি নিস্তাৰ কৰি হৃদয়ৰ আকাশ পোহৰাই তুলিবলৈ প্ৰজ্জ্বলিত কৰা হয় বন্তি ।

ABOUT THE AUTHOR

...view details