অসম

assam

ETV Bharat / state

নাঙল পুৰণি হ'ল ! শনিবাৰৰ পৰা ট্ৰেক্টৰত উঠি পথাৰ চহাব খাম্ফাই - KAMPA BORGOYARI

এইবাৰ হাগ্ৰামা মহিলাৰীক এৰিলে বি পি এফৰ উপ-সভাপতিয়ে । খাম্ফালৈ শুভেচ্ছা বিশ্বজিৎ দৈমাৰীৰ ৷

Kampa Borgoyari
শনিবাৰৰ পৰা ট্ৰেক্টৰত উঠি নিৰ্বাচনৰ পথাৰ চহাব খাম্পাই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 8:40 PM IST

গুৱাহাটী/কোকৰাঝাৰ:সমাগত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ ৰাজনীতিত ঘটিছে সঘন পট-পৰিৱৰ্তন । নাঙল এৰি ট্ৰেক্টৰত উঠিব বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ একালৰ সহযোগী খাম্ফা বৰগয়াৰী । যোৱা ২ ফেব্ৰুৱাৰীত বি পি এফৰ পৰা পদত্যাগ কৰা দলটোৰ উপ-সভাপতি তথা বি টি চিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে যোগ দিব প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলত ।

কোকৰাঝাৰত এক সংবাদমেল যোগে খাম্ফা বৰগয়াৰীয়ে সদৰী কৰিছে তেওঁৰ যোগদানৰ কথা ৷ ৮ ফেব্ৰুৱাৰীত ৫০০ নেতা-কৰ্মীক লৈ চিৰাঙত ইউ পি পি এল দলত যোগদান কৰিব দুদিন আগলৈকে বি পি এফৰ অন্যতম শীৰ্ষ নেতা হিচাপে চিহ্নিত খাম্ফা বৰগয়াৰীয়ে । এই যোগদান অনুষ্ঠানত উপস্থিত থাকিব বি টি চি প্ৰধান প্ৰমোদ বড়ো ।

খাম্ফা বৰগয়াৰীৰ সংবাদমেল (ETV Bharat Assam)

ইউ পি পি এলত যোগদান প্ৰসংগত খাম্ফা বৰগয়াৰীয়ে কয়, “কোনো হেঁচা বা আন কাৰণত নহয়, মই স্বেচ্ছাই ইউ পি পি এল দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । বড়োলেণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে এক সুস্থিৰ ৰাজনৈতিক বাতাবৰণৰ স্বাৰ্থ, সুস্থ সমাজ গঢ়াৰ স্বাৰ্থতে কাম কৰিবলৈ ইউ পি পি এল দল বাচি লৈ যোগদান কৰিছো ৷”

বি পি এফত সামূহিক মতামত গ্ৰহণৰ অভাৱ:

ইউ পি পি এলত যোগদানৰ পূৰ্বে বি পি এফত গণতান্ত্ৰিক প্ৰমূল্যবোধ নাই বুলি বিস্ফোৰক অভিযোগ কৰিলে খাম্ফা বৰগয়াৰীয়ে ৷ প্ৰথমেই খাম্ফাই ক’লে, “ বি পি এফত সামূহিক মতামত গ্ৰহণৰ অভাৱ আছে । কোনটো দলত থাকিলে সামূহিক উন্নয়ন হ’ব মই পৰ্যবেক্ষণ কৰিছো । মই ভালদৰে পৰ্যবেক্ষণ কৰিছো যে ইউ পি পি এল দলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আছে ৷ আলাপ-আলোচনাৰ মাজেৰে এই দলত সিদ্ধান্ত হয় । মোৰ আশা- কোনোবা নহয় কোনোবা এটা দিনত আজি নহ’লে কাইলৈ মই সমগ্ৰ বি টি আৰবাসীক ৰাজনৈতিকভাৱে একত্ৰিত কৰিম পাৰিম ইউ পি পি এল দলৰ যোগেদি ৷”

আন দলৰ মানুহৰ বিয়া খাবলৈ নাযায় :

হাগ্ৰামা শিবিৰ এৰি শনিবাৰে প্ৰমোদ বড়ো শিবিৰত যোগদান কৰিবলগীয়া বি পি এফৰ প্ৰাক্তন নেতাগৰাকীয়ে বড়োভূমিৰ দৰে সৰু অঞ্চল এটাত এক সুস্থিৰ ৰাজনৈতিক পৰিৱেশৰ প্ৰয়োজন বুলি উল্লেখ কৰি কয়, "বড়োভূমিৰ ৰাজনৈতিক পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এটা দলৰ মানুহৰ লগত আনটো দলৰ মানুহৰ ব্যক্তিগত পৰ্যায়ত শত্ৰুতা হৈছেগৈ ৷ এখন গাঁৱত যদি কোনোবা এজন বিপদত পৰিছে তেন্তে যদি মানুহজন বি পি এফৰ হয় আনটো দলৰ মানুহ তালৈ নাযায় । আন দলৰ মানুহৰ বিয়া খাবলৈ নাযায় ৷ আমি এনে পৰিস্থিতিৰ অৱসান বিচাৰো ৷ এটা সুস্থিৰ ৰাজনৈতিক পৰিৱেশ বিচাৰো । ”

খাম্ফালৈ শুভেচ্ছা বিশ্বজিৎ দৈমাৰীৰ:

বি টি আৰৰ নিৰ্বাচনৰ বাবে এইবাৰ ৰণক্ষেত্ৰত জপিয়াই পৰিছে বিজেপিৰ বড়োভূমিৰ নেতা তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । বিজেপিৰ মিত্ৰদল ইউ পি পি এললৈ যাব খোজা খাম্ফাক বিশ্বজিৎ দৈমাৰীয়ে শুভেচ্ছা জনাই কয়, “তেঁও যিটো উদ্দেশ্য লৈ নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিব খুজিছে সেয়া যেন সফল হয় । আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । বিজেপিত যোগদান কৰাৰ কোনো ধৰণৰ কথা-বতৰাৰ বিষয়ে মই নাজানো ৷ যিটো দলৰ পৰাই তেওঁ ৰাইজৰ সেৱা কৰিব পাৰিব বুলি ভাবিছে তাতেই তেওঁ যোগদান কৰিছে ৷”

লগতে পঢ়ক:নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? ক'লে প্ৰমোদ বড়োৱে - BTR ELECTION 2025

বড়োলেণ্ডবাসীৰ বাবে 'ভিজন ডকুমেণ্ট' নৱবৰ্ষৰ উপহাৰ: প্ৰমোদ বড়ো - PRAMOD BORO ON VISION DOCUMENT

ABOUT THE AUTHOR

...view details