সৰুপথাৰ,২০ ফেব্ৰুৱাৰী: সামাজিক ক্ষেত্ৰখনৰে জৰিত হৈ বিভিন্ন বঁটাৰে জিলিকি উঠিছে সৰুপথাৰৰ এজন উদ্যমী যুৱক । ইটোৰ পিছত সিটো বঁটা লাভ সক্ষম হৈছে সৰুপথাৰ ১নং পদুমনিৰ সুনীল বৰগোঁহাই আৰু ইন্দিৰা বৰাৰ পুত্ৰ জ্যোতিৰ্ময় বৰগোঁহাই । যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা ব্যৱস্থাপনা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ জ্যোতিৰ্ময়ে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ নিজৰ প্ৰতিভাৰে লাভ কৰিছে এই সাফল্য ।
বিভিন্ন সেৱা আগবঢ়োৱাৰ বাবে ১৭ ফেব্ৰুৱাৰীত সদৌ অসম পৰ্যটন ছাত্ৰ সন্থাৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনৰ লগতে উত্তৰ-পূব পৰ্যটন ছাত্ৰ সন্থাৰ সহযোগত গুৱাহাটীৰ পি ডব্লিউ ডি প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰত আয়োজন কৰা দোকমোকালি বঁটা বিতৰণী অনুষ্ঠানত "Best Youth Social Activist" বঁটা প্ৰদান কৰে জ্যোতিৰ্ময় বৰগোঁহাইক ।
ইয়াৰ পূৰ্বে একেটা বিষয়ৰ বাবেই জ্যোতিৰ্ময় বৰগোহাঁইক জানুৱাৰী মাহত সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংগঠন ইয়ংগিস্তান ফাউণ্ডেশ্বনে মুম্বাইত "প্ৰাইড অৱ ইয়ং হিন্দুস্থান ২০২৪" বঁটা আৰু যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে বিহাৰৰ চাপৰা জিলাত অনুষ্ঠিত অষ্টম সংখ্যক বাৰ্ষিক নেচনেল য়ুথ এক্সেঞ্জ অনুষ্ঠানত ফেইচ অৱ ফিউচাৰ ইণ্ডিয়াই "ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা" প্ৰদান কৰিছিল ।