অসম

assam

ETV Bharat / state

সৰুপথাৰত জুহালৰ গল্প শীৰ্ষক গল্প সংকলন উন্মোচন - Book Released

Book Released in Sarupathar : বিগত লকডাউনৰ সময়ছোৱাত অনলাইন মাধ্যমৰ যোগেদি জন্ম লাভ কৰা এটা গোট হৈছে সাহিত্যৰ জুহাল। ড° প্ৰণৱ ফুকন আৰু স্পনানী গগৈ চেতিয়াৰ সম্পাদনাত উন্মোচন হয় জুহালৰ গল্প শীৰ্ষক গল্প সংকলন। মুঠ ২৪ গৰাকী গল্পকাৰৰ গল্পই সমৃদ্ধ কৰিছে সংকলনখন।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 8:02 PM IST

Book Released in Sarupathar
জুহালৰ গল্প শীৰ্ষক গল্প সংকলন উন্মোচন (ETV BHARAT ASSAM)

সৰুপথাৰ, 5 জুলাই : সৰুপথাৰ মহাবিদ্যালয়ৰ ভাষা শিক্ষণ কোষ (Language Learning Cell) আৰু 'সাহিত্যৰ জুহাল'ৰ উদ্যোগত সৰুপথাৰৰ মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত শুকুৰবাৰে এক গল্প সংকলন উন্মোচন কৰাৰ লগতে আয়োজন কৰা হয় বিশেষ বক্তৃতা অনুষ্ঠান ৷ এই অনুষ্ঠানত 'জুহালৰ গল্প' শীৰ্ষক এখনি গল্প সংকলন উন্মোচন কৰা হয় ৷ ড৹ প্ৰণৱ ঢেকীয়াল ফুকন আৰু স্পনানী গগৈ চেতিয়াৰ সম্পাদনাত প্ৰকাশ পোৱা 'জুহালৰ গল্প' শীৰ্ষক গল্প সংকলনখনি উন্মোচন কৰা হয় ৷ মুঠ 24 গৰাকী গল্পকাৰৰ গল্পই সমৃদ্ধ কৰিছে সংকলনখন ৷

সাহিত্যৰ জুহালৰ উদ্যোগত গল্প সংকলন উন্মোচন (ETV BHARAT ASSAM)

উল্লেখযোগ্য যে বিগত সময়ছোৱাতো 'জুহাল কবিতা', 'সমকালীন অসমীয়া কবিৰ কবিতা' শীৰ্ষক কাব্যপুথি 'সাহিত্যৰ জুহাল' গোটে প্ৰকাশ কৰিছে ৷ ইয়াৰ পিচতে আজি 'জুহালৰ গল্প' শীৰ্ষক গল্প সংকলনখনি উন্মোচন কৰে গোটটোৱে ৷ উল্লেখ্য যে, বিগত লকডাউনৰ সময়ছোৱাত অনলাইন মাধ্যমৰ যোগেদি জন্ম লাভ কৰিছিল 'সাহিত্যৰ জুহাল' নামৰ গোটটোৱে ৷ সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ প্ৰণৱ ঢেকীয়াল ফুকনৰ তত্ত্বাৱধানত জন্ম লাভ কৰা গোটটোৰ যোগেদি গোলাঘাট জিলাখনতেই সাহিত্য চৰ্চাৰ এটা নতুন গতিৰ উন্মেষ ঘটিছে ৷

লগতে পঢ়ক :খেতিত মগন এগৰাকী উচ্চ শিক্ষিতা যুৱতী : খেতি কৰিয়েই যাব তেওঁ - Inspirational Story

আজিৰ অনুষ্ঠানতেই 'অসমীয়া ভাষাৰ সমৃদ্ধিত সাহিত্যিকসকলৰ ভূমিকা' শীৰ্ষক বিষয়ত এক বক্তৃতাৰো আয়োজন কৰা হয় ৷ বৰপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধ্ৰুৱজ্যোতি কোঁৱৰে এই বিষয়ে এক তথ্য সমৃদ্ধ বক্তৃতা প্ৰদান কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি ৰাজুমণি বেজবৰুৱা ৷ লগতে উপস্থিত থাকে জিলাখনৰ কেবাজনো বিশিষ্ট কবি,গৱেষক ৷ এই অনুষ্ঠানতে 'সাহিত্যৰ জুহাল' গোটে প্ৰদান কৰে 'সাহিত্যৰ জুহাল সাহিত্য সৌৰভ 2024' আৰু 'সাহিত্যৰ জুহাল শিক্ষা সৌৰভ 2024' সন্মান ৷ এই দুয়োটা সন্মান ক্ৰমে ড৹ প্ৰশান্ত কুমাৰ চাহু আৰু কৰুণা মেধি শইকীয়াক প্ৰদান কৰে 'সাহিত্যৰ জুহাল' গোটে ৷

লগতে পঢ়ক :সদলবলে যাওক হললৈ, ইমন উপভোগ কৰিবলৈ - Assamese Film Emon release date

ABOUT THE AUTHOR

...view details