গুৱাহাটী, 9 ফেব্ৰুৱাৰী : পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক মমতাজ বেগমৰ ঘৰত অভিযান ৷ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছে এই অভিযান ৷ মমতাজৰ ভেটাপাৰাৰ ভাৰাঘৰ আৰু হাতীগড়ৰ ঘৰত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছে অভিযান ৷ অভিযানকাৰীৰ দলটোৱে মমতাজৰ ঘৰৰ পৰা কেইবাটাও বেংক পাছবুক আৰু ইঞ্চুৰেঞ্চ পলিচি জব্দ কৰিছে ৷ লগতে ভূমিৰ নথিও জব্দ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হৈছিল পেন্সন সঞ্চালকালয়ৰ কনিষ্ঠ সহায়ক মমতাজ বেগম ৷ 20 হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল মমতাজ বেগম ৷ গোলাঘাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক অতুল চন্দ্ৰ হাজৰিকাৰ পৰা লৈছিল উৎকোচ ৷ পেন্সনৰ ধন মুকলোৱাৰ নামত হাজৰিকাৰ পৰা উৎকোচ লৈছিল মমতাজে ৷ লগতে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল হানিফ আহমেদ নামৰ আন এজন শিক্ষক ৷ হানিফ আহমেদে পেন্সনৰ কাম কৰি দিয়াৰ নামত দালালি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷