যোৰহাট: ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বন্যহস্তীৰ মুক্ত বিচৰণৰ দৃশ্য সুলভ হৈ পৰিছে ৷ ব্যতিক্ৰম নহয় যোৰহাট জিলাও ৷ জিলাখনৰ মৰিয়নীৰ লগতে আন কেবাটাও প্ৰান্তত দেখা গৈছে বন্যহস্তীৰ বিচৰণ ৷ কৃষকৰ পথাৰৰ পকা ধান খাবলৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে জাকে জাকে হাতী ৷ তাৰ মাজতে মৰিয়নীৰ দিহিঙীয়া গাঁৱত সংঘটিত হ’ল এটা অঘটন ৷ বিচৰণৰ কৰি থাকোঁতেই এটা দ পুখুৰীত সোমাল পোৱালীসহ ছটাকৈ বন্যহস্তী ৷
জানিব পৰা মতে, যোৰহাটৰ হোলোঙাপাৰা গিবন অভায়ৰণ্যৰ পৰা খাদ্য সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল ৪০/৫০ টা হাতীৰ এটা বৃহৎ জাক ৷ এই হাতীৰ জাকটোৱে বুধবাৰে নিশা মৰিয়নী দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল । কিন্তু দুৰ্ভাগ্যৱশতঃ ইয়াৰে পোৱালিসহ ৬ টা হাতী নিশাৰ ভাগত ইটা ভাটা নিৰ্মাণৰ বাবে খান্দি থোৱা এটা দ পুখুৰীত পৰি যায় ৷ ফলত নিশাৰে পৰা আজি পুৱালকৈ (বৃহস্পতিবাৰ) পোৱালিসহ ৬ টা হাতীয়ে পানী আৰু বোকাৰে পৰিপূৰ্ণ দ পুখুৰীত পৰি আৰ্তনাদ কৰি থাকিবলগীয়া হয় ।
পুৱাৰ ভাগত অশেষ চেষ্টাৰ অন্তত আজি পুৱা দুটা হাতীয়ে পুখুৰীৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও অন্য চাৰিটা হাতী পুখুৰীতে আবদ্ধ হৈ থাকে । অৱশেষত এখন বুলড’জাৰৰ সহায়ত বন বিভাগে পুখুৰীটোত আবদ্ধ হাতী কেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।