যোৰহাট:যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে প্ৰশান্ত গোস্বামীয়ে । বুধবাৰে আনুষ্ঠানিকভাৱে এই কথা জানিবলৈ দিয়ে গোস্বামীয়ে । যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি হিচাপে পাঁচ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱা পিছত পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁক সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল যদিও দ্বিতীয় কাৰ্যকালৰ এটা মাহ সম্পূৰ্ণ নৌহওতেই হঠাৎ তেওঁ প্ৰাধিকৰণৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা ঘটনাই আন এক ৰহস্য সৃষ্টি কৰিছে ।
আনহাতে প্ৰশান্ত গোস্বামীয়ে ৰাজনৈতিক হেঁচাত পৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতিৰ পদ ত্যাগ কৰিবলৈ বাধ্য হ'ল বুলি এক অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে প্ৰশান্ত গোস্বামী পদত্যাগৰ খবৰে সকলোকে হতচকিত কৰি তুলিছে । উল্লেখ্য যে, পূৰ্বতে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয় ভাড়াঘৰতেই আছিল আৰু ইয়াত থকা কৰ্মচাৰীসকলে নিয়মীয়া দৰমহা বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল ।