অসম

assam

সংযুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ শ্ৰম বিষয়াৰ কাৰ্যালয়

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 2:52 PM IST

Labors union protest : ৰাজ্যজুৰি সংযুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ ৷ 2020 চনৰ পৰাই শ্রমিকসকলৰ হিতলাভসমূহ নিদিয়াৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে ৷

Labors union protest
সংযুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ শ্ৰম বিষয়াৰ কাৰ্যালয়

সংযুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ শ্ৰম বিষয়াৰ কাৰ্যালয়

লখিমপুৰ, ২৯ জানুৱাৰী : সোমবাৰে ৰাজ্যজুৰি সংযুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইয়াৰ পিচতে শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল হৈছে সমগ্র ৰাজ্যৰ শ্ৰম বিষয়াৰ কাৰ্যালয়সমূহ । অন্য জিলাসমূহৰ লগতে লখিমপুৰতো জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী শ্লোগান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে শ্ৰমিকসকলে ৷

সংযুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ লখিমপুৰ জিলা শাখাই তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ হকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । 2020 চনৰ পৰাই শ্রমিকসকলৰ হিতলাভসমূহ নিদিয়াৰ অভিযোগ উত্থাপন কৰি শ্ৰমিকসকলে শ্লোগান দি শ্ৰম বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । শ্ৰমিকসকলৰ হিতলাভবোৰৰ ভিতৰত ছাত্র-ছাত্রীৰ শিক্ষা বৃত্তি, পেঞ্চন, মৃত্যু সাহাৰ্যৰ ধন মোকোলাই দিয়া, চিকিৎসা সাহাৰ্য, স্বাস্থ্য পৰীক্ষাৰ ধন সোনকালে মোকোলাই দিয়া, নিৰ্মাণ শ্ৰমিকৰ হিতলাভৰ টকাৰ পৰিমাণ বৃদ্ধি কৰা, অৱসৰী নিৰ্মাণ শ্ৰমিকক প্ৰ-পত্ৰ প্ৰদান কৰা, বেংকৰ লেনদেন চলাই থকা কাৰ্ডসমূহ পুনৰীক্ষণ কৰাৰ ব্যবস্থা কৰা, প্ৰকৃত নিৰ্মাণ শ্ৰমিকসকলক পঞ্জীয়ন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা, পেঞ্চনাৰসকলৰ ধন তৎকালে মোকোলাই দিয়া আদিৰ দাবীত শ্ৰমিক ইউনিয়নে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

অহা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্মাণ শ্ৰমিকসকলৰ হিতলাভসমূহ আদায় নিদিলে জংগী আন্দোলন কৰা হ’ব বুলি সকীয়াই দিয়ে প্ৰতিবাদী শ্ৰমিকসকলে । আনকি লখিমপুৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত তলা লগাই দিয়া হ’ব বুলিও ধমকি দিয়ে শ্ৰমিকসকলে। এই চৰকাৰে শ্ৰমিকক আওকান কৰি হিতাধিকাৰী সৃষ্টি কৰাৰ কথা আমি তীব্ৰ ভাষাৰে গৰিহনা দিছো ৷ চৰাকৰে কেৱল ভোট বেংকক লৈ গুৰুত্ব প্ৰদান কৰিছে ৷

লগতে পঢ়ক:দীপাংক নাথৰ ফটোত প্ৰস্ৰাৱ কৰি ক্ষোভ উজাৰিলে একালৰ সতীৰ্থই

ABOUT THE AUTHOR

...view details