ডিফু,২০ মার্চ: ২৬ মাৰ্চত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ উত্তপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত তিনিওখন পাহাৰীয়া জিলাৰ ৰাজনৈতিক বাতাবৰণ । ইয়াৰে অংশ হিচাপে পাহাৰৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচিয়ে জিলাখনত আজি বৃহৎ সমদল উলিওৱাৰ লগতে গণসভা অনুষ্ঠিত কৰি আগত নিৰ্বাচনৰ বাবে ৰণডংকা বজায় ।
শাসকীয় বিজেপি আৰু বিৰোধী কংগ্রেছ দলে বৃহৎ নির্বাচনী সভা আৰু সমদল বাহিৰ কৰা নাই যদিও আজি ডিফুৰ পৰা এক বৃহৎ সমদল বাহিৰ কৰি চমক দিয়ে আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচিয়ে । দলটোৰ শীর্ষ নেতা তথা নির্বাচনৰ প্রার্থী তথা প্রাক্তন প্রশাসনীয় বিষয়া জন ইংতি কাথাৰৰ নেতৃত্বত বুধবাৰে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা দলটোৱে এক বৃহৎ বাইক আৰু গাড়ীৰ ৰেলীৰে প্রায় ৫০ কিলোমিটাৰ দূৰৈৰ তাৰাবাছাত এখন বাজহুৱা সভাত অংশগ্রহণ কৰে ৷