মৰাণ:ৰাজ্যখনৰ ৩৬টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ হ'ব বুলি বুধবাৰে পুৱাৰে পৰা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ চলিছিল । ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰিবলৈ বিচৰা খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়া । ৰাজ্যৰ ৰাজহ বিভাগে লোৱা এই হঠকাৰী সিদ্ধান্তই সাধাৰণ ৰাজ্যক সমস্যাত পেলাব বুলি দাবী কৰি বিভিন্ন দল-সংগঠনে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছিল ।
কিন্তু ৩৬ টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ কৰিবলৈ লোৱা খবৰ এক উৰা বাতৰি বুলিহে উল্লেখ কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । চৰাইদেউৰ সোণাৰিত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে কয়,"৩৬ টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ হ'ব বুলি ওলোৱা খবৰটো সম্পূৰ্ণৰূপে ভুৱা খবৰ । এতিয়া মিছন বসুন্ধৰা ৩ ৰ কাম আৰম্ভ কৰিছোঁ । ডিচেম্বৰলৈকে পূৰ্বৰ দৰেই চলি থাকিব চক্ৰ বিষয়াৰ কাৰ্যালয় । কিন্তু সম জিলা আৰম্ভ হোৱাৰ বাবে পৰৱৰ্তী সময়ত কিছু সালসলনি কৰা হ'ব ।"