ডিফু,১১ জুন:ডিফু লোকসভা আসনত বিজেপি দলে জয়লাভ কৰিলে যদিও এই জয় ইভিএম বিসংগতিৰে লাভ কৰা বুলি অভিযোগ কৰি সমষ্টিটোত পুনৰ নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচি সমর্থিত দ্বিতীয় স্থানত থকা নির্দলীয় প্রার্থী জে আই কাথাৰে । মঙলবাৰে ডিফুস্থিত নিজা বাসগৃহত এক সংবাদমেলৰ জৰিয়তে কাথাৰে কয়, "বিগত নির্বাচনৰ জৰিয়তে গণতন্ত্রক সম্পূর্ণ ধ্বংস কৰা হ'ল ।"
এই বিজয় আমি ইভিএম টেম্পাৰিং কৰি লাভ কৰা বিজয় বুলি উল্লেখ কৰিম বুলি প্রকাশ কৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ পাঁচোটা বিধানসভা সমষ্টিত ভোট গণনাত বিসংগতি থকা বুলি উল্লেখ কৰি ভোটগণনাৰ অন্তত মুঠ ৪৯২৯ টা অতিৰিক্ত ভোট ক'ৰ পৰা ওলাল বুলি প্রশ্ন উত্থাপন কৰে ৷ ডিফু লোকসভা সমষ্টিত মুঠ ৬,৮২,৪৪১ টা ভোট প্রদান কৰা হৈছিল । কিন্তু ভোট গণনাৰ অন্তত দেখা গ'ল ৬,৮৩,২২৩টা ভোট গণনা কৰা হ'ল ।
মুঠ ৭৮২ টা ভোট অতিৰিক্তভাবে ক'ৰ পৰা আহিল বুলি কাথাৰে প্রশ্ন উত্থাপন কৰে কাথাৰে । আনহাতে ভোট গণনাৰ সময়ত ৭ টা ইভিএম বিসংগতিৰ বাবে খোল খোৱা নাছিল । যাৰ বাবে এই ৭ টা ইভিএমত থকা ৪,১৪৭ টা ভোট গণনাত অন্তর্ভুক্ত হোৱা নাছিল । ভোট গণনাৰ অন্তত দেখা গ'ল এই ৭ টা ইভিএমৰ ৪,১৪৭ সহ অতিৰিক্ত ৭৮২ টা ভোটকে ধৰি মুঠ ৪৯২৯ টা ভোট অতিৰিক্তভাবে সমষ্টিটোত যোগ হ'ল ।
সমষ্টিটোত বিধানসভা অনুযায়ী ভাৰতীয় নির্বাচন আয়োগ আৰু ডিফু লোকসভা আসনৰ ৰিটার্ণিং বিষয়াৰ তথ্যৰ বিসংগতি থকা বুলি উল্লেখ কৰি কাথাৰে কয় যে বোকাজান বিধানসভা সমষ্টিত নির্বাচন আয়োগৰ তথ্য অনুসৰি ১,১৬,৭৩২ ভোট প্রদান কৰাৰ বিপৰীতে ৰিটার্ণিং বিষয়াৰ তথ্যত ১,১৫,৯৮৯ টা ভোট গণনা হয় । সমষ্টিটোত ৭৪৩ ভোটৰ তফাৎ দেখা পোৱা যায় ।
হাওৰাঘাট বিধানসভা সমষ্টিত নির্বাচন আয়োগে তথ্যত ১,৪৪,৮০৯ টা ভোট প্রদান হোৱা বুলি উল্লেখ কৰাৰ বিপৰীতে ৰিটার্ণিং বিষয়াইদিয়া তথ্যত ১,৪২,৫১৯ টা ভোট দিয়াৰ তথ্য সন্নিবিষ্ট হৈছে । সমষ্টিটোত দুয়োটা সংস্থাৰ ভোটৰ তফাৎ ২,২০৯ টা । ডিফু বিধানসভা সমষ্টিত ১,৩৩,৭৮৯ টা ভোট নির্বাচন আয়োগৰ তথ্যত ওলোৱাৰ বিপৰীতে ৰিটার্নিং বিষয়াৰ তথ্যত ১,৩২,৬৭৫ টা ভোট দেখুওৱা হ'ল । তফাৎ আছিল ১,১১৪ টা ।