অসম

assam

ETV Bharat / state

নিজে পঢ়া মহাবিদ্যালয়ত আঁঠুকাঢ়ি সেৱা মন্ত্ৰী বিমল বড়াৰ - JB COLLEGE JORHAT

জে বি মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাক্তন আৱাসী সন্মিলন । সাংস্কৃতিক শোভাযাত্ৰাত মন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ বিমল বড়াৰ অংশগ্ৰহণ ।

JB COLLEGE JORHAT
নিজে পঢ়া মহাবিদ্যালয়ত আঁঠু লৈ সেৱা বিমল বড়াৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 25, 2024, 6:24 PM IST

যোৰহাট : অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান হ'ল যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় । বৰ্তমান মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে । মহাবিদ্যালয়খনৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসত থকা আৱাসীসকলক লৈ মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় প্ৰাক্তন আৱাসী সন্মিলন । উক্ত সন্মিলনত মহাবিদ্যালয়খনৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসত থকা প্ৰাক্তন আৱাসীসকল একত্ৰিত হৈছে । দেশ-বিদেশত সিচঁৰতি হৈ থকা প্ৰাক্তন আৱাসীসকলেও উক্ত সন্মিলনত অংশগ্ৰহণ কৰিছে । তাৰ মাজতে বুধবাৰে ছৈয়দ আব্দুল মালিক ছাত্ৰাৱাসৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

জে বি মহাবিদ্যালয়ৰ প্ৰাক্তন আৱাসী সন্মিলন

নিজে পঢ়া মহাবিদ্যালয়ত আঁঠু লৈ সেৱা বিমল বড়াৰ (ETV Bharat Assam)

এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই । ইফালে নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ ভিতৰলৈ সোমাই গৈয়ে আৱেগিক হৈ পৰে মন্ত্ৰী বিমল বড়া । শোভাযাত্ৰাত অংশ লৈ নিজৰ শিক্ষানুষ্ঠানখনৰ পূৰ্বৰ স্মৃতি ৰোমন্থন কৰে মন্ত্ৰীজনে । তাৰ মাজতে পূৰ্বৰ সহপাঠীৰ সৈতে মহাবিদ্যালয়খনৰ প্ৰৱেশদ্বাৰাত মন্ত্ৰী বড়াই আঁঠুকাঢ়ি সেৱা লয় ।

আনহাতে মন্ত্ৰী বড়াই কয় যে এই আৱাসী সন্মিলনৰ উদ্দেশ্য আছিল সকলো আৱাসী ঐক্যবদ্ধ হৈ পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে দায়বদ্ধতাসমূহৰ বিষয়ে আলোকপাত কৰা । দুদিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰাক্তন আৱাসী সন্মিলনত ৮ টা প্ৰজন্মই অংশগ্ৰহণ কৰে । মন্ত্ৰীজনে কয়, "ই এক ইতিবাচক বাৰ্তা । এনে ইতিবাচক বাৰ্তাৰ জৰিয়তে আমি এখন সুস্থ সবল সমাজ গঢ়ি তুলিব পাৰিম । লগতে এই আৱাসী সন্মিলনত এক বিশেষ বিপণি গঢ়ি তোলা হৈছে, য'ত ৰাজ্যৰ লগতে দেশৰ উদ্যোগীসকলে অংশগ্ৰহণ কৰিছে । ইয়াৰ জৰিয়তে কৰ্মসন্ধানত থকা প্ৰাক্তন আৱাসীসকল উপকৃত হ'ব ।" এই আৱাসী সন্মিলনত ১৯৬১ চনৰ পৰা আৱাসীসকলে অংশগ্ৰহণ কৰে বুলি মন্ত্ৰী বড়াই মত প্ৰকাশ কৰে । দুদিনীয়াকৈ অনুষ্ঠিত আৱাসী সন্মিলনৰ অন্তিম দিনটোত সহস্ৰাধিক প্ৰাক্তন আৱাসী সমবেত হয় ।

লগতে পঢ়ক :কংগ্ৰেছক নিকৃষ্ট-নিৰ্লজ্জ দল আখ্যা মুখ্যমন্ত্ৰীৰ - AMBEDKAR REMARKS

ABOUT THE AUTHOR

...view details