বৰপেটা, ২১ জানুৱাৰী :‘‘কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব ৷ সেয়ে আজি মই চেঙালৈ আহিছো ৷ চেঙাত এটা ৰাম মন্দিৰ আছে ৷ এই মন্দিৰটো পৰিষ্কাৰ পৰিছন্ন কৰি থৈ যাওঁ ৷ ভালকৈ ৰাম মন্দিৰত সেৱা কৰি যাওঁ, যাতে ৰামৰ কৃপাত আমি সকলোৱে ভালে-কুশলে থাকিব পাৰো ৷’’ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
ৰাহুল গান্ধীৰ প্ৰসংগত তেওঁ কয়, ‘‘ৰাহুল গান্ধীৰ ন্যায়-অন্যায় যাত্ৰাক লৈ সংবাদ মাধ্যমত দুই এটা আলোচনা হৈ আছে ৷ কিন্তু ক’তো আমি মানুহ দেখা নাই ৷ তেওঁলোকে এতিয়া স্থান বিচাৰি বিচাৰি আহিব লগা হৈছে ৷ কোন ঠাইত বাংলাদেশী মিঞা পোৱা যায় ৷ আহি আছে তেওঁলোক, আহি থাকিব ৷ কিন্তু সেই ঠাইবোৰতে আমি আকৌ ৰেচন কাৰ্ড বিলাই আছো’’ ৷
লগতে তেওঁ কয়, ‘‘গান্ধী পৰিয়ালে ভাবে যে তেওঁলোকৰ একান্ত অনুগতহে প্ৰধানমন্ত্ৰী হ’ব লাগে ৷ সেয়াই তেওঁলোকৰ ন্যায় বুলি ভাবে ৷ সেই ন্যায় নোপোৱা বাবে তেওঁলোকে চিঞয়-বাখৰ কৰি আছে ৷ আমাৰ ন্যায় হৈছে সৰ্বসাধাৰণ ৰাইজৰ হাতত ৰেচন কাৰ্ড তুলি দিয়া ৷ সেই সকলে আমাক ভোট দিয়ক বা নিদিয়কে, দুখীয়া লোকৰ হাতত ৰেচন কাৰ্ড তুলি দিয়াটোৱেই হৈছে আমাৰ ন্যায়’’ ৷